চৌদি আৰৱৰ কথা ক’লেই মক্কা, মদিনা আৰু মৰুভূমিৰ ছবি আমাৰ মনলৈ আহে । কিন্তু এতিয়া ইয়াৰ পৰিস্থিতি সলনি হৈছে । নেৰানেপেৰা বৰষুণৰ পিছত ইয়াত বানৰ তাণ্ডৱ আৰম্ভ হৈছে । মক্কা আৰু মদিনাৰ বেছিভাগ অঞ্চলতে বিশেষকৈ জেদ্দা চহৰ আৰু ৰাজ্যখনৰ অন্যান্য অঞ্চল শিলাবৃষ্টি আৰু বজ্ৰপাতৰ সৈতে প্ৰচণ্ড বৰষুণৰ সাক্ষী হৈছে । বৰষুণৰ পিছত বানৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বুধবাৰেও বৰষুণ অব্যাহত থাকিব পাৰে । সামাজিক মাধ্যমত ভাইৰেল হোৱা ছবিত দেখা গৈছে যে চহৰখন আংশিকভাৱে ডুব গৈছে ।
লাখ লাখ মুছলমান লোক হজ আৰু উমৰাহ কৰিবলৈ আহে-
মক্কা মদিনা চৌদি আৰৱৰ এক অতি পবিত্ৰ তীৰ্থস্থান । প্ৰতি বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ মুছলমান এই চহৰসমূহলৈ হজ আৰু উমৰাহ কৰিবলৈ আহে । কিন্তু বৰ্তমান ধাৰাসাৰ বৰষুণে সমগ্ৰ চৌদি আৰৱৰ পৰিৱেশ সলনি কৰি পেলাইছে । ধাৰাসাৰ বৰষুণৰ ফলত ছৌদি আৰৱৰ বহু চহৰ ডুব গৈছে । এনে পৰিস্থিতি কেইবাদিনলৈ অব্যাহত থাকিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে ।
ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই সপ্তাহত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু ধূলিৰ ধুমুহাৰ পূৰ্বাভাস প্ৰকাশ কৰিছে । বিগত এঘণ্টাত বৰষুণৰ বাবে কেইবাটাও বতৰৰ সতৰ্কবাণী জাৰি কৰা হৈছে ।
ছচিয়েল মিডিয়াত ভিডিঅ ভাইৰেল-
এই বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ হ’ল আল-উলা আৰু আল-মদিনা । আল-মদিনাহত মুছলমানসকলৰ বাবে আটাইতকৈ পবিত্ৰ স্থান হৈছে মছজিদ-ই-নবৱী, যাৰ ভিডিঅ’ ভাইৰেল হৈ আছে । ভিডিঅ’টোত ধাৰাসাৰ বৰষুণৰ বাবে মছজিদটো পানীৰে ভৰি থকা দেখা গৈছে । ৰাজ্যসমূহৰ বিভিন্ন স্থানলৈ অহা-যোৱা কৰাত বাধা আৰোপ কৰাৰ লগতে বিদ্যালয়সমূহো বন্ধ কৰি দিয়া হৈছে ।
প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী-
প্ৰশাসনে এক সতৰ্কবাণী জাৰি কৰি ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাতায়তৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে । জৰুৰীকালীন সেৱা যিকোনো ঘটনাৰ প্ৰতি সঁহাৰি জনাবলৈ সাজু প্ৰশাসন । পৰিস্থিতি নিয়ন্ত্ৰণ আৰু নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে কঠোৰ পৰিশ্ৰম কৰিছে । একে সময়তে বতৰ বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে যে এই পৰিস্থিতি আৰু কেইদিনমানলৈ অব্যাহত থাকিব । সজাগ হৈ থাকিবলৈ আৰু চৰকাৰী পৰামৰ্শ মানি চলিবলৈ আহ্বান জনাইছে । সুৰক্ষা নিশ্চিত কৰা আৰু বতৰৰ পৰিঘটনাৰ প্ৰভাৱ কম কৰাত গুৰুত্ব দিয়া হৈছে ।