মক্কা-মদিনাৰ মছজিদত কি নিষিদ্ধ ঘোষণা কৰিলে ছৌদি আৰবে…

মক্কা-মদিনাৰ মছজিদলৈ যোৱা হজ যাত্ৰীসকলক লৈ এটা ডাঙৰ ঘোষণা কৰা হৈছে।

ছৌদি চৰকাৰৰ সূত্রৰ উদ্ধৃতি দি প্রকাশিত বাতৰি মতে, যোৱা কিছু বছৰৰ পৰা হজযাত্রীসকলৰ একাংশৰ মাজত ম’বাইল ফোনেৰে ছবি আৰু ভিডিঅ’ তোলাৰ প্রৱণতা বৃদ্ধি পাইছে৷ ফলত ধর্মীয় ৰীতি–নীতি পালন আৰু ভিৰ নিয়ন্ত্রণত সমস্যা আহি পৰিছে৷ সেইবাবেই ২০২৬ চনৰ হজযাত্রীসকলৰ বাবে নতুন চৰকাৰী নির্দেশাৱলী প্রকাশ কৰিছে ছৌদি আৰবে৷

হজৰ পৱিত্রতা ৰক্ষা আৰু ভিৰ নিয়ন্ত্রণৰ উদ্দেশ্যে একাধিক নতুন বিধি–নিষেধ জাৰি কৰা হৈছে এই নির্দেশাৱলীত৷ ছৌদি আৰবৰ চৰকাৰী হাজী আৰু উমৰা মন্ত্রালয়ে জানিবলৈ দিয়া মতে, মক্কাৰ মছজিদ আল–হাৰাম আৰু মদিনাৰ মছজিদ অল–নববিৰ পৰিসৰৰ ভিতৰত কোনেও ফটো বা ভিডিঅ’ তুলিব নোৱাৰিব৷

ছৌদি চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা এই নির্দেশাৱলীত কোৱা হৈছে যে ২০২৬ চনৰ হজযাত্রাত অংশগ্রহণ কৰাৰ বাবে যিসকলে লটাৰীৰ জৰিয়তে সুযোগ লাভ কৰিব তেওঁলোকৰ বাবে এই নিয়ম মানি চলাটো বাধ্যতামূলক হ’ব ৷

ম’বাইল ফোন বা কেমেৰা ব্যৱহাৰ কৰি দুয়োটা পৱিত্র মছজিদৰ চৌহদত ছবি তোলা সম্পূর্ণভাৱে নিষিদ্ধ কৰা হৈছে বুলি উল্লেখ কৰি চৰকাৰী নির্দেশাৱলীত কোৱা হৈছে– পৱিত্র স্থানৰ মর্যাদা ৰক্ষা আৰু হাজীসকলৰ অনুভূতিৰ প্রতি সন্মান জনাই যিকোনো পদ্ধতিতে ছবি তোলাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

ছৌদি চৰকাৰৰ এটা সূত্রৰ উদ্ধৃতি দি প্রকাশিত বাতৰিত কোৱা হৈছে যে যোৱা কেইটামান বছৰৰ পৰা হজযাত্রীসকলৰ একাংশই ম’বাইল ফোনেৰে ছবি বা ভিডিঅ’ তোলাৰ ফলত ধর্মীয় ৰীতি–নীতি পালন আৰু ভিৰ নিয়ন্ত্রণত সমস্যা হৈছে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ; বাণিজ্যিক চুক্তি সন্দৰ্ভত চুক্তি!

ছৌদিত উমৰাহ হজলৈ যোৱা ৪২ ভাৰতীয়ৰ সৈতে ভয়ংকৰ ঘটনা

উমৰাহ হজলৈ যোৱা ভাৰতীয়ৰ সৈতে ভয়ংকৰ ঘটনা

ছৌদি আৰৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত কমেও ৪২ জন ভাৰতীয়ৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আটাইকেইজনেই উমৰাহ হজৰ বাবে চৌদি আৰৱলৈ গৈছিল । সোমবাৰে পুৱা এখন বাছত মক্কাৰ পৰা মদিনা অভিমুখে গৈ আছিল যাত্ৰীসকল । গৈ থকা অৱস্থাতে ডিজেল টেংকাৰৰ সৈতে বাছখন সংঘৰ্ষত লিপ্ত হয় আৰু লগে লগে বাছখন জুইয়ে আগুৰি ধৰে । প্ৰাথমিক খবৰ অনুসৰি মুফাৰীহাটৰ সমীপত প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ।

জানিব পৰা মতে নিহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে । আটাইকেইজন হায়দৰাবাদ আৰু তেলেংগানাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে । প্ৰাথমিক তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ২০ গৰাকী মহিলা আৰু ১১ টা শিশু আছিল ।

মক্কাৰ পৰা মদিনালৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা-

এই ভাৰতীয় যাত্ৰীসকল উমৰাহ হজলৈ গৈ আছিল । মক্কাত নিজৰ ৰীতি-নীতি সম্পূৰ্ণ কৰাৰ পিছত মদীনালৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাৰ সময়ত বহু যাত্ৰী বাছখনত শুই থকা বুলি জানিব পৰা গৈছে । এই ভয়ংকৰ দুৰ্ঘটনাত ৪২ জনৰ মৃত্যু হয় । জৰুৰীকালীন সেৱাই ঘটনাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

হেল্পলাইন নম্বৰ মুকলি-

মদিনাৰ সমীপত চৌদি আৰৱত ভাৰতীয় উমৰাহ তীৰ্থযাত্ৰীৰ সৈতে সংঘটিত হোৱা মৰ্মান্তিক বাছ দুৰ্ঘটনাৰ পিছত জেদ্দাত থকা ভাৰতীয় কনছুলেট জেনেৰেলত ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে :

৮০০২৪৪০০০৩ (টোল ফ্ৰী)

০১২২৬১৪০৯৩

০১২৬৬১৪২৭৬

০৫৫৬১২২৩০১ (ৱাটছএপ)

লগতে পঢ়ক : শ্বেখ হাছিনাক মৃত্যুদণ্ড; মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত

শিলাবৃষ্টি, ধুমুহা, প্ৰচণ্ড বৰষুণ… বানৰ কবলত মক্কা আৰু মদিনা, সমগ্ৰ চৌদি আৰবত হাই এলাৰ্ট

চৌদি আৰৱৰ কথা ক’লেই মক্কা, মদিনা আৰু মৰুভূমিৰ ছবি আমাৰ মনলৈ আহে । কিন্তু এতিয়া ইয়াৰ পৰিস্থিতি সলনি হৈছে । নেৰানেপেৰা বৰষুণৰ পিছত ইয়াত বানৰ তাণ্ডৱ আৰম্ভ হৈছে । মক্কা আৰু মদিনাৰ বেছিভাগ অঞ্চলতে বিশেষকৈ জেদ্দা চহৰ আৰু ৰাজ্যখনৰ অন্যান্য অঞ্চল শিলাবৃষ্টি আৰু বজ্ৰপাতৰ সৈতে প্ৰচণ্ড বৰষুণৰ সাক্ষী হৈছে । বৰষুণৰ পিছত বানৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বুধবাৰেও বৰষুণ অব্যাহত থাকিব পাৰে । সামাজিক মাধ্যমত ভাইৰেল হোৱা ছবিত দেখা গৈছে যে চহৰখন আংশিকভাৱে ডুব গৈছে ।

লাখ লাখ মুছলমান লোক হজ আৰু উমৰাহ কৰিবলৈ আহে-

মক্কা মদিনা চৌদি আৰৱৰ এক অতি পবিত্ৰ তীৰ্থস্থান । প্ৰতি বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ মুছলমান এই চহৰসমূহলৈ হজ আৰু উমৰাহ কৰিবলৈ আহে । কিন্তু বৰ্তমান ধাৰাসাৰ বৰষুণে সমগ্ৰ চৌদি আৰৱৰ পৰিৱেশ সলনি কৰি পেলাইছে । ধাৰাসাৰ বৰষুণৰ ফলত ছৌদি আৰৱৰ বহু চহৰ ডুব গৈছে । এনে পৰিস্থিতি কেইবাদিনলৈ অব্যাহত থাকিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে ।

ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই সপ্তাহত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু ধূলিৰ ধুমুহাৰ পূৰ্বাভাস প্ৰকাশ কৰিছে । বিগত এঘণ্টাত বৰষুণৰ বাবে কেইবাটাও বতৰৰ সতৰ্কবাণী জাৰি কৰা হৈছে ।

ছচিয়েল মিডিয়াত ভিডিঅ ভাইৰেল-

এই বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ হ’ল আল-উলা আৰু আল-মদিনা । আল-মদিনাহত মুছলমানসকলৰ বাবে আটাইতকৈ পবিত্ৰ স্থান হৈছে মছজিদ-ই-নবৱী, যাৰ ভিডিঅ’ ভাইৰেল হৈ আছে । ভিডিঅ’টোত ধাৰাসাৰ বৰষুণৰ বাবে মছজিদটো পানীৰে ভৰি থকা দেখা গৈছে । ৰাজ্যসমূহৰ বিভিন্ন স্থানলৈ অহা-যোৱা কৰাত বাধা আৰোপ কৰাৰ লগতে বিদ্যালয়সমূহো বন্ধ কৰি দিয়া হৈছে ।

প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী-

প্ৰশাসনে এক সতৰ্কবাণী জাৰি কৰি ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাতায়তৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে । জৰুৰীকালীন সেৱা যিকোনো ঘটনাৰ প্ৰতি সঁহাৰি জনাবলৈ সাজু প্ৰশাসন । পৰিস্থিতি নিয়ন্ত্ৰণ আৰু নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে কঠোৰ পৰিশ্ৰম কৰিছে । একে সময়তে বতৰ বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে যে এই পৰিস্থিতি আৰু কেইদিনমানলৈ অব্যাহত থাকিব । সজাগ হৈ থাকিবলৈ আৰু চৰকাৰী পৰামৰ্শ মানি চলিবলৈ আহ্বান জনাইছে । সুৰক্ষা নিশ্চিত কৰা আৰু বতৰৰ পৰিঘটনাৰ প্ৰভাৱ কম কৰাত গুৰুত্ব দিয়া হৈছে ।