ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ; বাণিজ্যিক চুক্তি সন্দৰ্ভত হ’ব পাৰে চুক্তি!

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ; বাণিজ্যিক চুক্তি সন্দৰ্ভত চুক্তি!

নেতান্যাহুৰ পিছত এইবাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্প দুয়োজনে ভাৰত-আমেৰিকাৰ সৰ্বাংগীন গ্ল’বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰি সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সহযোগিতা অব্যাহত ৰখাত সন্তুষ্টি

নেতান্যাহুৰ পিছত এইবাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্প দুয়োজনে ভাৰত-আমেৰিকাৰ সৰ্বাংগীন গ্ল’বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰি সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সহযোগিতা অব্যাহত ৰখাত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে ট্ৰাম্পৰ সৈতে হোৱা এই কথা-বতৰাৰ তথ্য দি ইয়াক অতি উষ্ণ বুলি অভিহিত কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা কথা-বতৰাৰ তথ্য তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।তেওঁ লিখিছে যে, “ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে মোৰ অতি উষ্ম আৰু গুৰুত্বপূৰ্ণ কথা-বতৰা হৈছিল”।

“আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰিলোঁ আৰু আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ বিষয়ে আলোচনা কৰিলোঁ।ভাৰত আৰু আমেৰিকাই বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰি যাব।”

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে যৌথ প্ৰচেষ্টাৰ গতি অক্ষুণ্ণ ৰখাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই গুৰুত্বপূৰ্ণ প্ৰযুক্তি, শক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তাকে ধৰি অন্যান্য অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰতো মত বিনিময় কৰে।

যিবোৰ একবিংশ শতিকাৰ বাবে ভাৰত-আমেৰিকা কম্পেক্ট (Catalyzing Opportunities for Military Partnership, Accelerated Commerce & Technology) ৰূপায়ণৰ মূলতে আছে।ভাৰত আৰু আমেৰিকাই বিশ্ব শান্তি, স্থিতিশীলতা, আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰি যোৱাৰ ক্ষেত্ৰটো আলোচনা কৰে।

লগতে পঢ়ক: হঠাতে প্ৰধানমন্ত্ৰী মোদীলৈ কিয় আহিল নেতান্যাহুৰ ফোন ?