চট্টগ্ৰাম ইস্কন পুণ্ডাৰিক ধামৰ অধ্যক্ষ চিন্ময় কৃষ্ণন দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত বাংলাদেশত বৃদ্ধি পাইছে উত্তেজনা । ইফালে বাংলাদেশৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি চিন্ময় প্ৰভুক ৰেলীত বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে । সংবাদ মাধ্যমৰ মতে, অক্টোবৰ মাহত তেওঁ এই সমাৱেশত ভাষণ দিছিল ।
চিন্ময় কৃষ্ণন দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে বাংলাদেশত দেখা গৈছে ব্যাপক প্ৰতিবাদ । প্ৰতিবাদৰ ফলত সেনা আৰু সশস্ত্ৰ বাহিনী মোতায়েন কৰা হৈছে । বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহিছে । আনহাতে, ইস্কন মন্দিৰৰ ফালৰ পৰা জানিব পৰা মতে, ঢাকা বিমানবন্দৰৰ পৰা ঢাকা আৰক্ষীৰ চোৰাংচোৱা শাখাৰ বিষয়াসকলে চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ।
হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চিন্ময়-
শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছে চিন্ময় প্ৰভুৱে । শুকুৰবাৰে তেওঁ ৰংপুৰত এক বিশাল প্ৰতিবাদী সমদল সম্বোধন কৰে । ছাত্ৰ আন্দোলনৰ ফলত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছৰে পৰা, তাত বাস কৰা সংখ্যালঘু হিন্দুসকলক লক্ষ্য কৰি লোৱা হৈছে । ছাত্ৰ আন্দোলনৰ সময়ত হিন্দু আৰু তেওঁলোকৰ উপাসনাস্থলীত আক্ৰমণ কৰা হৈছিল । বাংলাদেশৰ মেহেৰপুৰৰ খুলনাত অৱস্থিত ইস্কন মন্দিৰটোও লক্ষ্য কৰি লোৱা হৈছিল । এই আক্ৰমণ সন্দৰ্ভত চিন্ময় প্ৰভুৱে হিন্দু মন্দিৰৰ নিৰাপত্তাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল ।
তেওঁ দাবী কৰিছিল যে হিন্দু সমাজে চট্টগ্ৰামৰ আৰক্ষী আৰু ৰেপিড একচন বেটেলিয়নক সহায় বিচাৰিছে যদিও তেওঁলোকৰ পক্ষৰ পৰা কোনো সঁহাৰি পোৱা নাই । চিন্ময় প্ৰভুৱে কৈছিল, ‘বহু হিন্দু আৰু অন্যান্য সংখ্যালঘুৱে অসুৰক্ষিত অনুভৱ কৰি পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ মাজেৰে ভাৰতলৈ পলায়ন কৰিছে ।’
অত্যাচাৰৰ বিৰুদ্ধে একত্ৰিত বাংলাদেশী হিন্দু-
বাংলাদেশৰ হিন্দুসকলে অত্যাচাৰৰ বিৰুদ্ধে একত্ৰিত হৈ বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । অক্টোবৰ মাহত চট্টগ্ৰামত হাজাৰ হাজাৰ বাংলাদেশী হিন্দুৱে নিজৰ অধিকাৰ আৰু নিৰাপত্তাৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল । বাংলাদেশ সনাতন জাগৰণ মঞ্চৰ বেনাৰত সহস্ৰাধিক হিন্দু লোকে অংশগ্ৰহণ কৰে আৰু অধ্যাপক মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সন্মুখত ৮টা দাবী উত্থাপন কৰিছিল । প্ৰতিবাদকাৰী হিন্দুসকলে সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰৰ বাবে তৎকালীনভাৱে এখন ক্ষিপ্ৰ বিচাৰ আদালত গঠন কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় । লগতে ভুক্তভোগীসকলে উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ্বাসনৰ সুবিধা লাভ কৰাৰ দাবী জনায় ।