ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ ৩ খনীয়া মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট আজি বাংগালুৰুত আৰম্ভ হৈছিল । আজি (১৬ অক্টোবৰ) খেলখনৰ প্ৰথম দিন আছিল । কিন্ত প্ৰচণ্ড বৰষুণৰ বাবে বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হোৱা টেষ্টখনৰ প্ৰথম দিনটো অনুষ্ঠিত নহল । টছ অবিহনেই প্ৰথমটো দিন সমাপ্ত হয় টেষ্টখনৰ । এতিয়া টেষ্টখনৰ বাবে টছ কাইলৈ (১৭ অক্টোবৰ) হ’ব ।

সমগ্ৰ দিনটো খেলপথাৰ নিৰন্তৰ বৰষুণ হোৱাৰ বাবে ঢাকি থোৱা আছিল । কেইবাবাৰো, খেলখন আৰম্ভ হ’ব পাৰে বুলি আপডেট আহিছিল, কিন্তু দুপৰীয়া প্ৰায় ২.৩০ বজাত খেলখনৰ সম্প্ৰচাৰৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ আৰু ভাষ্যকাৰ চাবা কৰিমে ঘোষণা কৰে যে ১৬ অক্টোবৰত অনুসূচীত খেলখন বাতিল কৰা হৈছে । এতিয়া, দ্বিতীয় দিনৰ খেলখন ১৭ অক্টোবৰৰ পুৱা ৯.১৫ বজাত আৰম্ভ হ’ব ।
দ্বিতীয় দিনা খেলৰ সময়-
পুৱাৰ ছেচন : ৯:১৫ -১১:৩০
বিয়লিৰ ছেচন : ১২:১০ – ১৪:২৫
সন্ধিয়াৰ ছেচনঃ ১৪:৪৫ – ১৬:৪৫