ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা ৩ খনীয়া মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ বাংগালুৰুত অনুষ্ঠিত হৈছে । আজি (১৭ অক্টোবৰ) খেলখনৰ দ্বিতীয় দিন । টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় ভাৰতীয় দলে । বৰ্তমান ক্ৰীজত বেটিং কৰি আছে, বিৰাট কোহলী আৰু যশস্বী জয়ছোৱাল । অধিনায়ক ৰোহিত শৰ্মাই ১৬ টা বলত ২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হৈছে ।

টীম ইণ্ডিয়াই এই মেচখনৰ বাবে তেওঁলোকৰ মূল একাদশত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটাইছে । আঘাতপ্ৰাপ্ত শুভমান গীলৰ ঠাইত দললৈ উভতি আহিছে ছৰফৰাজ খান । আনহাতে আকাশদীপৰ ঠাইত কুলদীপক তৃতীয় স্পীনাৰ হিচাপে বাছনি কৰা হৈছে ।
টেষ্টৰ প্ৰথমটো দিন বৰষুণৰ বাবে বাধাগ্ৰস্ত-
খেলখনৰ প্ৰথম দিনটো বৰষুণৰ বাবে বাধাগ্ৰস্ত হয় । বৰষুণৰ বাবে প্ৰথম দিনটোত টছো নহল । দিনটো হোৱা নেৰানেপেৰা বৰষুণৰ বাবে পিটছ ঢাকি ৰাখিব লগা হয় । খেলখন আৰম্ভ হোৱাৰ সম্ভাৱনা আছিল যদিও সম্প্ৰচাৰৰ সময়ত আবেলি প্ৰায় ১:৩০ বজাত, প্ৰাক্তন ক্ৰিকেটাৰ আৰু ভাষ্যকাৰ ছাবাহ কৰিমে ঘোষণা কৰিছিল যে ১৬ অক্টোবৰত অনুসূচীত খেলখন বাতিল কৰা হৈছে ।
বৰ্তমান ক্ৰীজত তাৰকা বেটছমেন বিৰাট কোহলী আৰু যশস্বী জয়ছোৱালে বেটিং কৰি আছে ।