পশ্চিমবংগৰ মুৰ্ছিদাবাদত হিংসাত্মক পৰিস্থিতিৰ পিছত ৰাজনৈতিক উত্তাল পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ।এই হিংসাত্মক ঘটনা সন্দৰ্ভত বিজেপি নেতা তথা চলচ্চিত্ৰ অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে ডাঙৰ মন্তব্য কৰিছে।
তেওঁ কৈছে যে ,‘মই কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহ্বান জনাইছো বংগত ৰাষ্ট্ৰপতিৰ শাসন দিয়ক।বংগত পৰৱৰ্তী নিৰ্বাচন সেনাৰ উপস্থিতিত অনুষ্ঠিত হ’ব লাগে’।
মিথুন চক্ৰৱৰ্তীয়ে লগতে কয় যে, ‘আমি ৰাজ্যত হিংসা নিবিচাৰো। বংগত এক দুখজনক পৰিস্থিতিৰ সৃষ্টি হৈছে।হিংসাৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলত হিন্দুসকলে ঘৰ এৰি যাবলৈ বাধ্য হৈছে।বংগত তুষ্টিকৰণৰ ৰাজনীতি চলি আছে । বংগখন হাতৰ পৰা ওলাই গৈছে’।
দৰাচলতে পশ্চিম বংগত ৱাকফ সংশোধনী আইনৰ প্ৰতিবাদত ১১ এপ্ৰিলত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল।
মুছলমান অধ্যুষিত মুৰ্ছিদাবাদ আৰু মালদা জিলাৰ লগতে দক্ষিণ ২৪ পৰগনাৰ ভংগুৰত হিংসাত্মক সংঘৰ্ষৰ পিছত উত্তেজনা বৃদ্ধি পায়।এই হিংসাত্মক ঘটনাত তিনিজন লোক নিহত হয়।২০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
২০২৬ চনত বংগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াৰ পূৰ্বে হিংসাই ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি তুলিছে।শাসকীয় তৃণমূল কংগ্ৰেছ আৰু প্ৰধান বিৰোধী দল ভাৰতীয় জনতা পাৰ্টিৰ মাজত ধাৰাবাহিক অভিযোগ আৰু প্ৰত্যুত্তৰ অভিযোগ চলি আছে।