দেওবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক । এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে । জানক কেবিনেটৰ সিদ্ধান্তসমূহ-
-ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ’ব ADREৰ ফলাফল
-১০ মে’ত দিয়া হ’ব ADREৰ নিযুক্তি
-ৰাস কমিটিসমূহলৈ চৰকাৰৰ বৃহৎ অনুদান
-প্ৰতিখন জীৱন্ত ৰাস কমিটিয়ে লাভ কৰিব ২৫ হাজাৰকৈ অনুদান
-অসমৰ প্ৰায় ১৯০০ খন ৰাস কমিটিয়ে লাভ কৰিব এই চৰকাৰী অনুদান
-কিন্তু মুৰ্তি ৰাস আয়োজন কৰা কমিটিসমূহে এই অনুদান লাভ নকৰিব
-ৰাস আয়োজন কৰিবৰ বাবে কমিটিসমূহে প্ৰশাসনক দিব নালাগে কোনো মাচুল
-দীপাৱলীৰ পূৰ্বেই বৃদ্ধি কৰা হ’ল মৰগীয়া বানচ
-৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি ৰাজ্যিক কৰ্মচাৰীৰ
-৫০ শতাংশৰ পৰা ৫৩ শতাংশলৈ বৃদ্ধি মৰগীয়া বানচ
-১ জুলাই ২০২৪ ৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম
-জুলাই, আগষ্ট, ছেপ্টেম্বৰৰ বকেয়া ধন একেলগে লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে
-কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সৈতে সমপৰ্যায়ৰ হ’ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ DA
-দীপাৱলীৰ পূৰ্বে ৰাজ্যৰ কৰ্মচাৰীলৈ চৰকাৰৰ উপহাৰ
-ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ২৮ তাৰিখেই লাভ কৰিব দৰমহা
-৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ পালন কৰা হ’ব ভাষা গৌৰৱ সপ্তাহ
-ধনুৰ্বিদ জয়ন্ত তালুকদাৰক DSP পদ প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ