ইজৰাইলে গাজাত আক্ৰমণ চলাই আছে। সেনাই নিৰন্তৰ বোমা বিস্ফোৰণ কৰি আছে। ইফালে, ইজৰাইলী সেনাই গাজাত অভিযানো চলাইছে।
ইয়াৰ ফলত হামাছৰ যুঁজাৰু আৰু সেনাৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ আৰু বোমাবর্ষণ হৈছে। গুলীচালনাত আঠজন লোক নিহত হয়। আনহাতে ২০ জনৰো অধিক লোক আহত হৈছে।
গাজা অসামৰিক প্ৰতিৰক্ষাৰ মুখপাত্ৰ মাহমুদ বাছালে এটা সাক্ষাৎকাৰত কৈছিল যে “শুকুৰবাৰে আবেলি গাজা চহৰৰ আল-ছিনা অঞ্চলৰ ওচৰত ইজৰাইলী বিমান আক্ৰমণ কৰে।
বাচালৰ মতে, মধ্য গাজা ষ্ট্ৰিপৰ আল-মাগাজি শৰণাৰ্থী শিবিৰৰ পূবত ইজৰাইলৰ অভিযানত ৰাতিপুৱা দুজন ফিলিস্তিনি নিহত হয়, আনহাতে দক্ষিণ গাজা ষ্ট্ৰিপৰ ৰাফা চহৰৰ উত্তৰে থকা মিৰাজ অঞ্চলক লক্ষ্য কৰি ইজৰাইলৰ গুলীবৰ্ষণত এজন ব্যক্তি নিহত হয়।
নাছেৰ মেডিকেল কমপ্লেক্সৰ দ্বাৰা জাৰি কৰা এক বিবৃতি অনুসৰি, ৰাতিপুৱা খান ইউনুছত স্থানচ্যুত লোকসকলৰ থকা এটা ঘৰত ইজৰাইলে চলোৱা আক্ৰমণত তিনিজন লোক নিহত হৈছিল।
ইজৰাইলী সামৰিক বাহিনীয়ে ঘটনাবোৰৰ ওপৰত কোনো মন্তব্য কৰা নাই। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) শুকুৰবাৰে এক বিবৃতিত কয় যে যোৱা দিনটোত উত্তৰ গাজা ষ্ট্ৰিপৰ বেইট লাহিয়াত সক্ৰিয় আইডিএফ সৈন্যই দক্ষিণ ইজৰাইলৰ সম্প্ৰদায়সমূহক লক্ষ্য কৰি এটা ভূগৰ্ভস্থ ৰকেট উৎক্ষেপণ স্থান ধ্বংস কৰিছে।
বিবৃতিটোত আৰু কোৱা হৈছে যে “ৰাফাত আইডিএফ সৈন্যই সুৰংগৰ খাদ চিনাক্ত কৰিছিল, সন্ত্ৰাসবাদীক হত্যা কৰিছিল আৰু আগদিনা সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনিৰ স্থানসমূহ ধ্বংস কৰিছিল।
ইফালে, ফিলিস্তিনি সুৰক্ষা সূত্ৰই ছিনহুয়াক জনায় যে ইজৰাইলী কৰ্তৃপক্ষই গাজা ষ্ট্ৰিপৰ দক্ষিণে কেৰেম শ্লোম ক্ৰছিংৰ মাজেৰে গাজা ষ্ট্ৰিপৰ পৰা ১৭ জন বন্দীক মুকলি কৰি দিয়ে”।
ফিলিস্তিনি মানৱ অধিকাৰ সংগঠনসমূহৰ মতে, “ইজৰাইলী সেনাই গাজাত চলি থকা স্থল অভিযানৰ সময়ত শ শ ফিলিস্তিনিক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকক অজ্ঞাত স্থানলৈ স্থানান্তৰিত কৰিছে।