পাকিস্তানী অভিনেতা ফাৱাদ খান অভিনীত ছবি আবিৰ গুলালৰ ওপৰত পেহেলগাম ঘটনাৰ প্ৰভাৱ পৰিছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছতে ফাৱাদ খানৰ ছবিখনৰ মুক্তিত নিষেধাজ্ঞা আৰোপ কৰিছে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, পাকিস্তানী অভিনেতা ফাৱাদ খানৰ ছবি আবিৰ গুলালক ভাৰতত মুক্তিৰ অনুমতি দিয়া নহ’ব।
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত থকাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে, বিশেষকৈ কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত, দেশত খং আৰু ক্ষোভৰ জোৱাৰৰ সৃষ্টি কৰিছে।
অৱশ্যে এই নিষেধাজ্ঞা সন্দৰ্ভত এতিয়ালৈকে মন্ত্ৰালয়ৰ কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই, কিন্তু সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনসাধাৰণৰ আৱেগক গুৰুত্ব দি এই সিদ্ধান্ত লোৱা হৈছে।
সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা দেশবাসীৰ মন ক্ষোভেৰে ভৰি পৰিছিল।সামাজিক মাধ্যমত ৰাইজে ছবিখন নিষিদ্ধ কৰিবলৈ অহৰহ দাবী জনাইছিল।জানিব পৰা মতে, ছবিখন ৯ মে’ত ছবিগৃহত মুক্তি পাবলগীয়া আছিল।
অৱশ্যে পূৰ্বেও ৰাইজৰ প্ৰতিবাদ দেখি নিৰ্মাতাসকলে ইতিমধ্যে ছবিখনৰ মুক্তি পিছুৱাই দিছিল।কিন্তু এতিয়া ছবিখন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।