ফাৱাদ খানৰ ‘আবিৰ গুলাল’ৰ ওপৰত নিষেধাজ্ঞা; পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ডাঙৰ সিদ্ধান্ত

পাকিস্তানী অভিনেতা ফাৱাদ খান অভিনীত ছবি আবিৰ গুলালৰ ওপৰত পেহেলগাম ঘটনাৰ প্ৰভাৱ পৰিছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছতে ফাৱাদ খানৰ ছবিখনৰ মুক্তিত নিষেধাজ্ঞা আৰোপ কৰিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, পাকিস্তানী অভিনেতা ফাৱাদ খানৰ ছবি আবিৰ গুলালক ভাৰতত মুক্তিৰ অনুমতি দিয়া নহ’ব।

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত থকাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে, বিশেষকৈ কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত, দেশত খং আৰু ক্ষোভৰ জোৱাৰৰ সৃষ্টি কৰিছে।

অৱশ্যে এই নিষেধাজ্ঞা সন্দৰ্ভত এতিয়ালৈকে মন্ত্ৰালয়ৰ কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই, কিন্তু সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনসাধাৰণৰ আৱেগক গুৰুত্ব দি এই সিদ্ধান্ত লোৱা হৈছে।

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা দেশবাসীৰ মন ক্ষোভেৰে ভৰি পৰিছিল।সামাজিক মাধ্যমত ৰাইজে ছবিখন নিষিদ্ধ কৰিবলৈ অহৰহ দাবী জনাইছিল।জানিব পৰা মতে, ছবিখন ৯ মে’ত ছবিগৃহত মুক্তি পাবলগীয়া আছিল।

অৱশ্যে পূৰ্বেও ৰাইজৰ প্ৰতিবাদ দেখি নিৰ্মাতাসকলে ইতিমধ্যে ছবিখনৰ মুক্তি পিছুৱাই দিছিল।কিন্তু এতিয়া ছবিখন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

বলীউডলৈ উভতি পুনৰ বিপদত ফাৱাদ খান;  ছবিৰ মুক্তিৰ পূৰ্বেই নিষিদ্ধ কৰাৰ দাবী  

পাকিস্তানী অভিনেতা ফাৱাদ খানে নিজৰ নতুন হিন্দী ছবি ‘আবিৰ গুলাল’ৰ জৰিয়তে বলীউডলৈ পুনৰ উভতি আহিছে। এই ছবিখনৰ ট্ৰেইলাৰটো ১ এপ্ৰিলত মুক্তি পাইছিল।

ট্ৰেইলাৰটোৰ মুক্তিৰ পিছতে ফাৱাদ খানৰ  অনুৰাগীসকল অতিশয় আনন্দিত হৈ পৰিছে।এই ছবিখনত ফাৱাদৰ সৈতে ভানী কাপুৰক দেখা যাব।

কিন্তু ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ পিছৰে পৰা বিপদত পৰিছে ফাৱাদ খানৰ।ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাই ‘আবিৰ গুলাল’ ছবিখন মুক্তিৰ বিৰোধিতা কৰিছে।

এম এন এছৰ মুখপাত্ৰ আমেয়া খোপকাৰে কয় যে তেওঁ এই ছবিখন মুক্তিৰ সম্পূৰ্ণ বিৰোধী।আমেয়াই কয়, ‘এই ছবিখনৰ মুক্তিৰ বিষয়ে আমি আজিহে গম পাইছিলো যেতিয়া নিৰ্মাতাসকলে এই ছবিখন ঘোষণা কৰিছিল।

কিন্তু আমি স্পষ্টকৈ ক’ব বিচাৰো যে এই ছবিখন মহাৰাষ্ট্ৰত মুক্তি পাবলৈ নিদিওঁ কাৰণ ইয়াত এজন পাকিস্তানী অভিনেতা দেখা গৈছে।এই ছবিখন আমাৰ ৰাজ্যত কোনো কাৰণতে মুক্তি নাপাব।

বৰ্তমান আমি ছবিখনৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰি আছো আৰু অতি সোনকালে সম্পূৰ্ণ বিবৃতি প্ৰকাশ কৰিম।এই সন্দৰ্ভত আমেয়া খোপকাৰেও টুইট কৰিছে।

লগতে এম এন এছে সতৰ্কবাণী দি কয়, ‘আমি পাকিস্তানী অভিনেতাৰ কাম ভাৰতত মুক্তি পাবলৈ নিদিওঁ। পাকিস্তানে সদায় আমাৰ দেশত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক সমৰ্থন কৰে আৰু এইটো আমাৰ দেশৰ বিৰুদ্ধে।

গতিকে আমি ইয়াত পাকিস্তানী শিল্পীৰ কৰ্মৰাজি মুকলি হ’বলৈ নিদিওঁ আৰু তেওঁলোকক আৰ্থিক সুবিধা, নাম আৰু খ্যাতি অৰ্জন কৰিবলৈও নিদিওঁ।