আন বহুতৰ দৰে ফাষ্টফুড আপোনাৰো প্ৰিয় নেকি ? ফাষ্টফুডৰ নামত আপুনি কিমান মাৰাত্মক খাদ্য সেৱন কৰি আছে দেখি-শুনি আচৰিত হব আপুনি ! আপোনাৰ সন্তানকো চাওমিন, পানীপুৰিৰ নামত কি সেৱন কৰাই আছে জানিলে শংকিত হৈ পৰিব আপুনি ।
মেগী, চাওমিন, মম’ আদি আপোনাৰ প্ৰিয় নেকি ? পথৰ কাষত ফাষ্টফুডৰ দোকান দেখিলেই খাবলৈ মন যায় নেকি ? পথৰ কাষত ফুচকা, ঝালুমুড়ি দেখিলেই খাবলৈ মন যায় নেকি ? আপুনি দৈনিক এবাৰো যদি ফাষ্টফুড খায় তেন্তে ৩০/৪০ বছৰতেই আপুনি হৈ পৰিব পাৰে এজন ৬০ বছৰীয়া ব্যক্তি । এক সমীক্ষাত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য । যিসকলে অত্যধিক ফাষ্টফুড খায় তেওলোকে পঢ়ক এই প্ৰতিবেদন ।
ফাষ্টফুড খাই ভাল পোৱাসকলৰ বাবে এই খবৰ । অত্যধিক ফাষ্টফুড ভক্ষনে দ্ৰুতগতিত বয়সৰ চাপ পেলায়, পেটৰ সমস্যাৰ সৃষ্টি কৰে । দৈনিক এবাৰো যদি ফাষ্টফুড খায় তেন্তে ৪০ বছৰতেই আপুনি হৈ পৰিব পাৰে এজন ৫৫ বছৰীয়া আদহীয়া ব্যক্তিৰ দৰে । অৰ্থাৎ আপোনাৰ গাল, মুখ, ডিঙি সকলোতে পৰিব বয়সৰ চাপ । সমীক্ষাটোত ইয়াকো কোৱা হৈছে এনে খাদ্যাভ্যাসৰ ফলত বৰ্তমান প্ৰজন্মৰ প্ৰায় ৭০-৮০ শতাংশ লোকেই গুৰুতৰ পেটৰ সমস্যাত ভুগিছে । কেবল ইমানেই নহয়, চিপছ, বিস্কুট, চফট ড্ৰিংক আৰু নুডলছেও অত্যধিক সমস্যাৰ সৃষ্টি কৰে । সেয়েহে এনে খাদ্যাভ্যাসৰ পৰা শীঘ্ৰেই মুক্ত হওক আৰু হাতৰ মুঠিত আপুনি বান্ধি ৰাখক আপোনাৰ বয়স । ইয়াৰ বাবে আপুনি কৰক মাত্ৰ ৬টা কাম ।
-পুৱা সোনকালে শুই উঠক
-প্ৰাণায়াম আৰু যোগাসন কৰক
-পৰ্যাপ্ত পানী সেৱন কৰক
-নিতৌ এহেজাৰ ষ্টেপ খোজকাঢ়ক
-ফাষ্টফুড সম্পুৰ্ণৰূপে বৰ্জন কৰক
-হাঁহিবলৈ চেষ্টা কৰক