ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম এতিয়া চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ বাবে সাজু হৈছে । ৯ মাৰ্চত এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু নিউজীলেণ্ডৰ মাজত চূড়ান্ত খেল । এই চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু নিউজীলেণ্ড এবাৰ মুখামুখি হৈছে, য’ত টিম ইণ্ডিয়াই জয়লাভ কৰিছিল । কিন্তু এই মুহূৰ্তত নিউজীলেণ্ডে যেনেধৰণে প্ৰদৰ্শন কৰিছে সেই কথা বিবেচনা কৰিলে তেওঁলোকক পৰাস্ত কৰাটো সহজ নহ’ব । ইফালে এই প্ৰশ্নটোও বহুতৰে মনত খুন্দিয়াই আছে যে ফাইনেলৰ সময়ত বৰষুণ দিলে কি হ’ব । ফাইনেলত কি হ’ব পাৰে আৰু ইয়াৰ বাবে আই চি চিয়ে কি ব্যৱস্থা কৰিছে, এই বিষয়ে বিতংভাৱে জানক ।
যদি ফাইনেল মেচৰ সময়ত বৰষুণ হয় তেতিয়া…
যদি চূড়ান্ত মেচৰ সময়ত বৰষুণ হয় তেন্তে অভাৰৰ সংখ্যা হ্ৰাস কৰি মেচখন খেলাৰ সম্ভাৱনা আছে । আই চি চিৰ নিয়ম অনুসৰি চূড়ান্ত খেলখনত কমেও ২০ অভাৰ খেলিব লাগিব । প্ৰতিটো দলক ২০-২০ অভাৰ দিয়া হ’ব । বৰষুণ প্ৰভাৱিত ফাইনেলত নিৰ্ধাৰিত সময়ৰ পিছত অভাৰৰ সংখ্যা হ্ৰাস আৰম্ভ হয় । এতিয়া যদি আমি বৰষুণ আৰু বতৰৰ কথা কওঁ, AccuWeather ৰ প্ৰতিবেদন অনুসৰি ডুবাইত ৯ মাৰ্চত বৰষুণৰ কোনো সম্ভাৱনা নাই, অৱশ্যে যদি বৰষুণৰ বাবে ৯ মাৰ্চ দেওবাৰে খেলা নহয়, তেন্তে ৰিজাৰ্ভ তথা সংৰক্ষিত দিনত এই মেচ অনুষ্ঠিত হ’ব । ১০ মাৰ্চত ফাইনেল খেলৰ সংৰক্ষিত দিন ।
ছুপাৰ অভাৰে কেতিয়া সিদ্ধান্ত লয়-
যদি চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত মেচখন ড্ৰ’ বা টাই হয় তেন্তে ছুপাৰ অভাৰৰ দ্বাৰা বিজয়ী নিৰ্ণয় কৰা হ’ব । ছুপাৰ অভাৰৰ নিয়ম অনুসৰি দুয়োটা দলে এটাকৈ অভাৰ খেলাৰ সুযোগ পায় ।
গ্ৰুপ মেচত নিউজীলেণ্ডক পৰাস্ত কৰে টিম ইণ্ডিয়াই-
ইতিমধ্যে এই প্ৰতিযোগিতাৰ গ্ৰুপৰ সকলো খেলতে ভাৰতে জয়লাভ কৰিছে । ভাৰতে প্ৰথমে বাংলাদেশ আৰু তাৰ পিছত পাকিস্তানক পৰাস্ত কৰে । গ্ৰুপ মেচত টিম ইণ্ডিয়াই নিউজীলেণ্ডকো পৰাস্ত কৰিছিল । ভাৰতে জয়ী হ’বলৈ নিউজীলেণ্ডক ২৫০ ৰানৰ লক্ষ্য বান্ধি দিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিউজীলেণ্ডৰ দলটোৱে ২০৫ ৰান সংগ্ৰহ কৰি অল আউট হয় । ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে মাৰাত্মক বলিং কৰে । তেওঁ ৫টা উইকেট দখল কৰে । এতিয়া দুয়োটা দলৰ মাজত আকৌ এবাৰ ফাইনেলত সংঘৰ্ষ হ’ব ।
যেতিয়া বৰষুণৰ বাবে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল অনুষ্ঠিত কৰিব পৰা নাছিল-
২০০২ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু শ্ৰীলংকাই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছিল । সেই সময়ছোৱাত দুয়োটা দিনতে মেচখন অনুষ্ঠিত কৰিব পৰা নগ’ল । তাৰ পিছত আই চি চিৰ নিয়ম অনুসৰি দুয়োটা দলকে যৌথ বিজয়ী ঘোষণা কৰা হয় । এইবাৰো এই একেই প্ৰক্ৰিয়াই অনুসৰণ কৰা হ’ব যদি বৰষুণ হয় । আই চি চিৰ মতে চূড়ান্ত মেচখন সম্পূৰ্ণ হ’ব লাগে । যদি এনে নহয় তেন্তে যৌথ বিজয়ী ঘোষণা কৰা হ’ব । ইয়াত পূৰ্বে খেলা মেচৰ ভিত্তিত সিদ্ধান্ত লোৱা নহ’ব ।
খেলৰ দিনটোত যিটো দল শক্তিশালী বুলি প্ৰমাণিত হ’ব, সেই দলেই জয়ী হ’ব । অৱশ্যে বৰষুণ নাথাকিলে ভাল । বৰষুণৰ সম্ভাৱনাৰ কথা মনত ৰাখি আই চি চিয়ে ফাইনেলৰ বাবে ৰিজাৰ্ভ ডে’ৰ ব্যৱস্থা কৰিছে ।