দেওবাৰে নিশা (স্থানীয় সময় অনুসৰি) পৰ্তুগালৰ ৰাজধানী লিছবনত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । ইয়াৰ লগে লগে ৭ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ পৰ্তুগাল আৰু শ্লোভাকিয়ালৈ চাৰিদিনীয়া ভ্ৰমণ আৰম্ভ হৈছে ৰাষ্ট্ৰপতিগৰাকীৰ । পৰ্তুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডি ছৌছাৰ আমন্ত্ৰণত মুৰ্মুৱে এই ভ্ৰমণ কৰিছে । এয়া পতুৰ্গাললৈ ২৭ বছৰৰ মূৰত কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ ভ্ৰমণ । ইয়াৰ পূৰ্বে ১৯৯৮ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে পৰ্তুগাল ভ্ৰমণ কৰিছিল ।
২৯ বছৰৰ পাছত শ্লোভাকিয়া ভ্ৰমণ ভাৰতৰ ৰাষ্ট্ৰপতিৰ-
ৰাষ্ট্ৰপতি মুৰ্মু ৯ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ শ্লোভাকিয়াত থাকিব । শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিৰ আমন্ত্ৰণত এই ভ্ৰমণ কৰিছে মুৰ্মুৱে । বিগত ২৯ বছৰৰ পিছত কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া প্ৰথমটো শ্লোভাকিয়া ভ্ৰমণ ।
ৰাষ্ট্ৰপতি মুৰ্মুৰ ভ্ৰমণক লৈ কি ক’লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ?
ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে দেওবাৰে টুইটাৰত এটা পোষ্টত লিখিছে, ‘ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু পৰ্তুগাল আৰু শ্লোভাক গণৰাজ্যলৈ ভ্ৰমণৰ বাবে ৰাওনা হৈছে । ২৫ বছৰতকৈও অধিক সময়ৰ ভিতৰত এই দুখন দেশলৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ভ্ৰমণ ।
ভাৰত-পৰ্তুগাল কূটনৈতিক সম্পৰ্কৰ পঞ্চাশ বছৰ-
বৈদেশিক সচিব (পশ্চিম) তনমায়ালালে কয় যে, এই ভ্ৰমণে এই দুয়োজন গুৰুত্বপূৰ্ণ ইউৰোপীয় অংশীদাৰৰ সৈতে ভাৰতৰ বহুমুখী সহযোগিতাক আৰু অধিক সম্প্ৰসাৰিত কৰিব । তেওঁ ইয়াক এক গুৰুত্বপূৰ্ণ ঐতিহাসিক ভ্ৰমণ বুলি অভিহিত কৰে । পৰ্তুগাল ভ্ৰমণ সন্দৰ্ভত সবিশেষ ভাগ-বতৰা কৰি সচিব তন্ময় লালে কয় যে ভাৰত আৰু পৰ্তুগালে বৰ্তমান কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ ভ্ৰমণ ঐতিহাসিক হৈ পৰিছে । এই ভ্ৰমণে ‘দুয়োখন দেশৰ মাজত বন্ধুত্ব আৰু অংশীদাৰিত্ব আৰু অধিক বৃদ্ধি কৰিব’ ।