নেমু এনে এক খাদ্য যাক আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । পৰিৱৰ্তিত বতৰত ইয়াৰ সেৱন বিশেষভাৱে উপকাৰী । ঠাণ্ডা বতৰে টোকৰ মাৰিবলৈ আৰম্ভ কৰিলে ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বাঢ়ি যায়, যাৰ বাবে চৰ্দি, কাহ, আৰু ফ্লুৰ দৰে ৰোগে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে । গতিকে এনে সময়ত বিশেষজ্ঞসকলে কিয় নেমু খাবলৈ কয় আৰু ইয়াৰ লাভালাভ কি জানক-
নেমু খোৱাৰ লাভালাভ-
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়-
নেমুক ভিটামিন চিৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । পৰিৱৰ্তিত বতৰত ভিটামিন চিৰ প্ৰয়োজনীয়তা আৰু অধিক হয় কাৰণ ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে । এই বতৰত যদি আপুনি নেমু সেৱন কৰে তেন্তে ৰোগৰ সম্ভাৱনা বহু পৰিমাণে কমি যাব ।
দৃষ্টিশক্তি বৃদ্ধি পাব-
ভিটামিন চিৰ লগতে নেমুত ভিটামিন এও কিছু পৰিমাণে থাকে, যি আমাৰ চকুৰ বাবে অতি গুৰুত্বপূৰ্ণ । ই চকুত অত্যাৱশ্যকীয় এন্টিঅক্সিডেন্ট যোগান ধৰে আৰু দৃষ্টিশক্তি উন্নত কৰে । গতিকে পৰিৱৰ্তিত বতৰত নেমু সেৱন কৰিলে চকুৰ বাবেও উপকাৰী হ’ব পাৰে ।
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ-
নেমু পটাছিয়ামৰ অতি উত্তম উৎস, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী । কাৰণ পটাছিয়ামৰ সহায়ত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায় । ইয়াৰ উপৰিও নেমুত আঁহ থাকে, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ।
পৰিৱৰ্তিত বতৰত নেমু কেনেকৈ সেৱন কৰিব ?
সাধাৰণতে নেমুৰ ৰস উলিয়াই সেৱন কৰা হয়, নেমুৰ পানী, নেমুৰ চাটনি, মৌ বা চালাডৰ ৰূপত মিহলাই খাব পাৰে । কিন্তু অত্যধিকভাৱে নেমু সেৱন নকৰিব কাৰণ ভিটামিন চিৰ অতিৰিক্ত পৰিমাণে পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ।
(এই খবৰ কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । যদি আপুনি যিকোনো ঠাইতে আপোনাৰ স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে তেন্তে গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।)