ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ত পঞ্জাব কিংছৰ অ’পেনাৰ প্ৰিয়াংশ আৰ্য্যই চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ধুমুহাময় শতক অৰ্জন কৰি পঞ্জাব কিংছৰ সহস্ৰজন তথা বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্তাৰ দৃষ্টি আকৰ্ষণ কৰিছে।
প্ৰীতিয়ে যুৱ বেটছমেনগৰাকীক প্ৰশংসা কৰি কয় যে ক্ৰিকেটৰ এই বিস্ফোৰক খেলখনত তেওঁ এজন উজ্জ্বল তাৰকা ওলাই অহা দেখিছিল।
পঞ্জাৱ কিংছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত প্ৰিয়াংশ আৰ্য্যই ৩৯টা বলত শতক অৰ্জন কৰে, যিটো আই পি এলৰ ইতিহাসত চতুৰ্থটো দ্ৰুততম শতক।

প্ৰীতিয়ে নিজৰ ইনষ্টাগ্ৰামত প্ৰিয়ংশৰ সৈতে কেইখনমান ছবি শ্বেয়াৰ কৰি লিখিছে, যোৱা নিশাটো বৰ বিশেষ আছিল।আমি দেখিলোঁ ক্ৰিকেটৰ এক ৰোমাঞ্চকৰ খেল, এজন কিংবদন্তিৰ গৰ্জন আৰু এক উজ্জ্বল তাৰকাৰ জন্ম।”
তেওঁ লগতে কয়, ‘আমাৰ আন কেইজনমান যুৱ খেলুৱৈৰ সৈতে কিছুদিন পূৰ্বে ২৪ বছৰীয়া প্ৰিয়াংশ আৰ্য্যক লগ পাইছিলো।সি শান্ত, লাজকুৰীয়া, অতি অমায়িক আছিল আৰু গোটেই সন্ধিয়াটো প্ৰিয়াংশে এটা শব্দও কোৱা নাছিল।”
ক্ৰিকেটাৰগৰাকীক প্ৰশংসা কৰি প্ৰীতি জিন্তাই কয় যে যোৱা নিশা পিবিকেএছ বনাম চিএছকে খেলৰ সময়ত তেওঁক পুনৰ লগ পাইছিলোঁ।
এইবাৰ তেওঁৰ আক্ৰমণাত্মক বেটিং শৈলীয়ে মোক কেৱল আপ্লুত কৰাই নহয়, বৰঞ্চ সমগ্ৰ ভাৰতকে স্তম্ভিত কৰি তুলিলে।৪২টা বলত ১০৩ ৰান সংগ্ৰহ কৰি অভিলেখৰ বুকত নিজৰ নাম প্ৰৱেশ কৰে।’
যুৱ ক্ৰিকেটাৰগৰাকীৰ হৈ প্ৰিটিয়ে কয় যে আমি তেওঁক লৈ গৌৰৱান্বিত, হাঁহি হাঁহি জিলিকি থাকিব।প্ৰীতিয়ে লগতে কয় যে আপুনি কেৱল মোৰেই নহয় খেল চাবলৈ অহা সকলো মানুহকে মনোৰঞ্জন দিলে।ইয়াৰ বাবে ধন্যবাদ।
আই পি এলৰ চতুৰ্থ ইনিংছত আৰ্যৰ উজ্জ্বল শতকে টি-২০ ফ্ৰেঞ্চাইজি লীগৰ বিশ্বৰ সৰ্ববৃহৎ মঞ্চত তেওঁৰ আগমনৰ সংকেত দিছে।
আইপিএল ২০২৫ৰ বাবে পঞ্জাব কিংছ (পিবিকেএছ)ত যোগদান কৰাৰ পূৰ্বে, ভোপালৰ ৰে’ল ষ্টেচনৰ পৰা ২০ কিলোমিটাৰ নিলগৰ লাল বাহাদুৰ শাস্ত্ৰী একাডেমীৰ সঞ্জয় ভৰদ্বাজৰ পৰা আৰ্য্যই প্ৰশিক্ষণ গ্ৰহণ কৰিছে।