আই পি এল ২০২৫ ৰ বৃহৎ নিলামৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে । এই বৃহৎ নিলামৰ স্থান আৰু তাৰিখ প্ৰায় চূড়ান্ত হৈছে । কিন্তু ইয়াৰ আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা হোৱা নাই । ইফালে যোৱাবাৰৰ দৰে, এইবাৰো নিলাম বিদেশত অনুষ্ঠিত হ’ব ।
চৌদি আৰৱৰ ৰিয়াধ চহৰত অনুষ্ঠিত হ’ব পাৰে আই পি এল ২০২৫ৰ মেগা নিলাম । ২০২৪ চনত ডুবাইত আই পি এলৰ নিলাম অনুষ্ঠিত হৈছিল ।
এইবাৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব মেগা নিলাম । ইয়াৰ তাৰিখো প্ৰায় চূড়ান্ত হৈছে । অহা ২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব পাৰে আই পি এল ২০২৫ৰ মেগা নিলাম ।
এই মেগা নিলামত পঞ্জাব কিংছৰ হাতত সৰ্বাধিক ধন থাকিব । ৰিটেনচনত পঞ্জাৱ কিংছে ব্যয় কৰিছে মাত্ৰ ৯.৫ কোটি টকা । এতিয়াও এই দলটোৰ হাতত ১১০.৫ কোটি টকা বাকী আছে ।
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰো ৱালোতটো বহুখিনি টকা আছে । বাংগালুৰুৱে ৩৭ কোটি টকা খৰচ কৰিছে আৰু ৮৩ কোটি টকা এতিয়াও উপলব্ধ আছে ।
বৰ্তমান দিল্লী কেপিটেলছৰ হাতত আছে ৭৩ কোটি টকা আছে । ৰিটেনচনত দলটোৱে খৰচ কৰিছে ৪৭ কোটি টকা । ইফালে দিল্লীয়ে দলটোৰ অধিনায়ক ঋষভ পন্টক এৰি দিছে ।
মুম্বাই ইণ্ডিয়ানছৰ হাতত মাত্ৰ ৪৫ কোটি টকা আছে । ৰিটেনচনৰ বাবে দলটোৱে ব্যয় কৰিছে ৭৫ কোটি টকা ।