মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ পৰা এক শোকাৱহ ঘটনা পোহৰলৈ আহিছে। শিৰোলি তহচিলৰ শিৱনকৱাড়ীত তীৰ্থযাত্ৰাৰ সময়ত, মহাপ্ৰসাদ সেৱন কৰাৰ পিছত প্ৰায় ৩০০ ৰ পৰা ৩৫০ জন লোকৰ বিষক্ৰিয়া হয়।
বুধবাৰে মাজনিশাৰ পৰা, গাওঁখনৰ প্ৰতিটো ঘৰৰে দুইৰ পৰা তিনিজন লোকে বমি আৰু ডায়েৰিয়া কৰিবলৈ আৰম্ভ কৰে।
ইয়াৰ পিছত, বুধবাৰে ইচালকৰঞ্জীৰ ইন্দিৰা গান্ধী সাধাৰণ চিকিৎসালয়ত শিশু, মহিলা, পুৰুষ আৰু বৃদ্ধসহ প্ৰায় ১০০জন লোকক চিকিৎসা কৰা হৈছে, আৰু তেওঁলোকৰ বাবে এটা পৃথক ৱাৰ্ড সৃষ্টি কৰা হৈছে।
জানিব পৰা মতে মঙলবাৰে, শিৱনকৱাড়ীত গাওঁখনৰ দেৱতা শ্ৰী কল্যাণতাই মাতা দেৱীলৈ তীৰ্থযাত্ৰা হৈছিল। তীৰ্থযাত্ৰা উপলক্ষে আবেলি এক বিশাল ভোজৰ আয়োজন কৰা হৈছিল।
গোটেই গাওঁখনে এই বিশাল ভোজ উপভোগ কৰিছিল।কিন্তু মাজনিশাৰ পিছৰে পৰা কিছুমান লোকৰ ডায়েৰিয়া আৰু বমি আৰম্ভ হয়।
ৰাতিপুৱালৈকে, গোটেই গাওঁখনৰ লোকসকলৰ একেই অৱস্থা হোৱাত লগে লগে সকলোকে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
কিন্তু সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকক ইচলকৰঞ্জীৰ ইন্দিৰা গান্ধী জেনেৰেল হস্পিটেলত ভৰ্তি কৰোৱা হয়।ৰোগীসকলক বৰ্তমান চিকিৎসা কৰি থকা হৈছে।