মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মঙলবাৰে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰে । ইয়াৰ লগে লগে মৰিচাছৰ সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী মোদী । প’ৰ্ট লুইছত অনুষ্ঠিত ভাৰতীয় সামূহিক অনুষ্ঠানত ৰামগুলামে এই ঘোষণা কৰে ।
দুদিনীয়া ৰাজ্যিক ভ্ৰমণসূচীৰে আজি মৰিচাছত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী, য’ত তেওঁক আদৰণি জনায় ৰামগুলমে । বিমানবন্দৰত দুয়োগৰাকী নেতাই উষ্ম আলিংগনেৰে ইজনে সিজনক সম্ভাষণ জনায় । বুধবাৰে মৰিচাছৰ ৫৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী । এই অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ এখন যুদ্ধ জাহাজৰ সৈতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে অংশগ্ৰহণ কৰিব । দেশখনত ভাৰতৰ পুঁজিৰে নিৰ্মিত ২০টাতকৈও অধিক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ উপৰিও তেওঁ দ্বীপ ৰাষ্ট্ৰখনত গণতন্ত্ৰ শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ কথাও ঘোষণা কৰিব ।
ইফালে মৰিচাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । এই সময়ছোৱাত তেওঁ মৰিচাছৰ ৰাষ্ট্ৰপতিক বহু বস্তু উপহাৰ দিয়ে, য’ত মহাকুম্ভৰ সংগমৰ জল আৰু মাখানাও আছে । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে গোখুলৰ পত্নী বৃন্দা গোখুলক এখন বানাৰসী ৰেচম শাৰীও উপহাৰ দিয়ে ।
‘দ্বিপাক্ষিক সম্পৰ্কক প্ৰসাৰিত কৰাৰ আলোচনা’
মৰিচাছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে, ‘ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুলৰ সৈতে ভাল বৈঠক হৈছিল । ভাৰত আৰু ভাৰতীয় সংস্কৃতিৰ লগত তেওঁ ভালদৰে পৰিচিত । মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত যোগদান কৰিবলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰো । আমি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক প্ৰসাৰিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিলোঁ ।
১০ বছৰৰ পাছত মৰিচাছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী-
১০ বছৰৰ মূৰত মৰিচাছ ভ্ৰমণত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী । ইয়াৰ পূৰ্বে ২০১৫ চনৰ মাৰ্চ মাহত মৰিচাছ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । সেই সময়তো মোদীয়ে ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল । মৰিচাছ আৰু ভাৰতৰ মাজত পুৰণি সম্পৰ্ক আছে । ইয়াৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০ শতাংশ ভাৰতীয় মূলৰ ।