জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত চিচিএছৰ বৈঠক চলি আছে।
এই বৈঠকত প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰকে ধৰি বহু কেইজন উপস্থিত আছে।
এই বৈঠকত পহলগাম আক্ৰমণৰ পিছৰ পৰিস্থিতি সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। এই বৈঠকখনত স্থলসেনা, নৈ সেনা, বায়ুসেনাৰ মুৰব্বী সকলো উপস্থিত আছে।
এই বৈঠকৰ সময়তেই আৰম্ভ হৈছে ভাৰতীয় সেনাৰ একছন । হাজাৰ হাজাৰ ভাৰতীয় সেনা সাজু হৈছে যুদ্ধৰ বাবে।মোতায়েন কৰা হৈছে যুদ্ধ টেংক, হেলিকপ্তাৰ, আকাশ মাৰ্গেৰে চলোৱা হ’ব অভিযান।
পেহেলগামৰ পাছত এইবাৰ কুলগামত ভাৰতীয় সেনাই চাফা কৰিছে পাকিস্তানী অপৰাধীক।এই বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব বুলি বিশ্বাস কৰা হৈছে।
পেহেলগামত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছত সমগ্ৰ দেশবাসীয়ে এই বৈঠকৰ সিদ্ধান্তলৈ আগ্ৰহেৰে বাট চাই আছে।