উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ এখন দোকানৰ ভিতৰত এগৰাকী ১৩ বছৰীয়া কিশোৰীক সামগ্ৰী দিয়াৰ অজুহাতেৰে মাতি নি ধৰ্ষণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে।
জানিব পৰা মতেননহৰা আৰক্ষী থানা অঞ্চলৰ কাথভমোড আউটপ’ষ্টৰ অন্তৰ্গত এখন গাঁৱৰ বাসিন্দা শব্বীৰে শনিবাৰে সন্ধিয়া তেওঁৰ বাচন-বৰ্তনৰ দোকানত বহি আছিল।
সেই সময়তে একেখন গাঁৱৰে এগৰাকী ১৩ বছৰীয়া নাবালিকা দোকানলৈ ফালে আহিছিল। সেই সময়তে ৫২ বছৰীয়া শব্বীৰ আহমেদে নাবালিকা গৰাকীক বস্তু দিয়া অজুহাতেৰে দোকানৰ ভিতৰলৈ মাতি নিয়ে।
তাৰ পিছতেই নাবালিকা গৰাকীক ধৰ্ষণ কৰে ব্যক্তি গৰাকীয়ে। তাৰ পিছত নাবালিকা গৰাকীক হাত-ভৰি বান্ধি দোকানখনৰ ভিতৰত সোমোৱাই থৈ যায়।
পিছত নাবালিকা গৰাকীৰ পিতৃ-মাতৃয়ে বিচাৰি ফুৰাত সেই কথা জানিব পাৰে। পিছত আৰক্ষীয়ে নাবালিকা গৰাকীক ধৰ্ষণৰ গোচৰত শব্বীৰ আহমেদক গ্ৰেপ্তাৰ কৰিছে।