পৃথিৱীৰ পৰা মানুহে দিনটোত এবাৰহে সূৰ্য উদয় আৰু সূৰ্যাস্ত চাব পাৰে, কিন্তু আপুনি জানেনে যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ অৰ্থাৎ আই এছ এছত থকা মহাকাশচাৰীসকলে দিনটোত ১৬ বাৰ সূৰ্য উদয় আৰু সূৰ্যাস্ত চাব পাৰে । ৫ মাহ ধৰি মহাকাশ কেন্দ্ৰটোত আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছে প্ৰতিদিনে ১৬ বাৰ সূৰ্য উদয় আৰু সূৰ্যাস্ত দেখা পায় । কিন্তু, এইটো কেনেকৈ সম্ভৱ হয় জানেনে ? উল্লেখ্য যে ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ ২০২৪ চনৰ ৬ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আছে ।
মহাকাশ কেন্দ্ৰত দীপাৱলী উদযাপন কৰে সুনীতা উলিয়ামছে-
এইবাৰ সুনীতা উইলিয়ামছে মহাকাশ কেন্দ্ৰতেই উদযাপন কৰিলে দীপাৱলী । আচলতে দীপাৱলীৰ দুদিন পূৰ্বে আমেৰিকাৰ হোৱাইট হাউচত দেৱালী উদযাপন কৰা হৈছিল আৰু এই সময়ছোৱাত সুনীতা উইলিয়ামছৰ এটা ভিডিঅ’ সম্প্ৰচাৰ কৰা হৈছিল, য’ত তেওঁ সকলোকে দীপাৱলীৰ অভিনন্দন জনাইছিল । এই সময়ত আমেৰিকাৰ চাৰ্জন জেনেৰেল ডাঃ বিবেক মূৰ্তিয়ে অনুষ্ঠানত ভাষণ দি কয় যে সুনীতা উইলিয়ামছে প্ৰতিদিনে ১৬ বাৰ সূৰ্য উদয় আৰু সূৰ্যাস্ত দেখা পায় ।
দিনটোত ১৬বাৰ সূৰ্য উদয় আৰু সূৰ্যাস্ত কেনেকৈ সম্ভৱ ?
আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (ISS) প্ৰায় ২৬০ মাইল অৰ্থাৎ পৃথিৱীৰ পৰা প্ৰায় ৪১৮ কিলোমিটাৰ ওপৰত আছে আৰু ই পৃথিৱীৰ চাৰিওফালে প্ৰায় ১৭৫০০ মাইল প্ৰতি ঘণ্টা অৰ্থাৎ ২৮১৬০ কিলোমিটাৰ বেগত ঘূৰি থাকে । ইয়াৰ গতি প্ৰতি ছেকেণ্ডত ৫ মাইল অৰ্থাৎ প্ৰতি ছেকেণ্ডত ৮ কিলোমিটাৰ । মহাকাশ কেন্দ্ৰটোৰ এই গতিৰ কথাটোৰ পৰা অনুমান কৰিব পাৰি যে ই মাত্ৰ ৯০ মিনিটতে পৃথিৱীৰ চাৰিওফালে এটা ঘূৰ্ণন সম্পূৰ্ণ কৰে । এই অনুসৰি মহাকাশ কেন্দ্ৰটোৱে দিনটোত ১৬ বাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে । ইয়াৰ বাবেই মহাকাশ কেন্দ্ৰটোত থকা মহাকাশচাৰীসকলে এদিনতে ১৬টা সূৰ্য উদয় আৰু ১৬টা সূৰ্যাস্ত দেখা পায় ।
৫ মাহ ধৰি মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে সুনীতা উইলিয়ামছ-
প্ৰকৃততে সুনীতি উইলিয়ামছে ৪ জুনত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানেৰে মহাকাশলৈ গৈছিল আৰু ২৫ ঘণ্টাৰ পিছত তাত উপস্থিত হৈছিল । এই অভিযানৰ অধীনত তেওঁ ৮ দিন মহাকাশ কেন্দ্ৰত থাকিব লগা আছিল । বিভিন্ন ধৰণৰ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ অন্তত ১৩ জুনত তেওঁ পৃথিৱীলৈ উভতি আহিব লাগিছিল যদিও মহাকাশযানখনৰ কাৰিকৰী সমস্যাৰ বাবে যোৱা ৫ মাহ ধৰি তেওঁ তাতেই আবদ্ধ হৈ আছে ।