বৰ্তমানৰ ব্যস্ত জীৱনত ফিট তথা স্বাস্থ্যৱান হৈ থকাটো সকলোৰে বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে । সঠিক খাদ্য আৰু নিয়মীয়া ব্যায়ামে কেৱল আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰাই নহয়, আপোনাৰ সামগ্ৰিক স্বাস্থ্যও ভাল কৰি ৰাখে । বৰ্তমান সময়ত বেছিভাগ মানুহেই নিজৰ ওজন বৃদ্ধিৰ সমস্যাত ভুগিছে আৰু ওজন, চৰ্বি কমোৱাৰ সহজ সমাধান বিচাৰিছে ।
পেটৰ চৰ্বি বৰ্তমান মানুহৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা । ই কেৱল আপোনাৰ ব্যক্তিত্বক প্ৰভাৱিত কৰাই নহয়, লগতে ই কেইবাটাও গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে । যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে আৰু জিমলৈ যাবলৈ সময় উলিয়াব নোৱাৰে, প্ৰতিদিনে ১ ঘণ্টাৰ বাবে দ্ৰুতগতিত খোজ কঢ়াটো এক উত্তম বিকল্প হ’ব পাৰে যি আপোনাক সহজে ফিট হৈ থকাত সহায় কৰিব পাৰে ।
দ্ৰুত গতিত খোজ কঢ়াই ওজন কমোৱাত কেনেদৰে সহায় কৰে ?
দ্ৰুত গতিত খোজ কঢ়াটো এটা এৰোবিক ব্যায়াম, যিয়ে আপোনাৰ কেলৰি জ্বলোৱাৰ ক্ষমতা বৃদ্ধি কৰে । যেতিয়া আপুনি নিয়মিতভাৱে দ্ৰুত গতিত খোজ কাঢ়ে, তেতিয়া আপোনাৰ শৰীৰে জমা হোৱা চৰ্বিক শক্তিলৈ ৰূপান্তৰিত কৰি জ্বলাবলৈ আৰম্ভ কৰে । ই ওজন কমাবলৈ সহায় কৰে ।
প্ৰতিদিনে দ্ৰুত গতিত খোজ কাঢ়িলে কিমান কেলৰি জ্বলাব পাৰি ?
দ্ৰুত গতিত খোজ কঢ়াৰ ফলত জ্বলোৱা কেলৰি নিৰ্ভৰ কৰে আপোনাৰ ওজন, খোজ কঢ়াৰ গতি আৰু খোজ কঢ়াৰ সময়ৰ ওপৰত । উদাহৰণ স্বৰূপে :
৬০ কিলোগ্ৰাম ওজন আৰু ঘণ্টাত ৬ কিলোমিটাৰ বেগত ১ ঘণ্টা খৰখেদাকৈ খোজ কাঢ়িলে প্ৰায় ২৫০-৩০০ কেলৰি জ্বলাব পাৰি ।
যদি আপোনাৰ ওজন ৭৫ কিলোগ্ৰাম হয়, তেন্তে এই গতিবেগত আপুনি প্ৰায় ৩০০-৩৫০ কেলৰি জ্বলাব পাৰে ।
১ কিলোগ্ৰাম ওজন কমাবলৈ হ’লে প্ৰায় ৭৭০০ কেলৰি জ্বলাব লাগিব । অৰ্থাৎ প্ৰতিদিনে ১ ঘণ্টা বেগেৰে খোজ কঢ়াৰ লগতে খাদ্যাভ্যাসৰ সঠিক যত্ন ল’লে ১ মাহত ২-৩ কিলোগ্ৰাম পৰ্যন্ত ওজন কমাব পাৰে ।
দ্ৰুত গতিত খোজ কঢ়াৰ অন্যান্য উপকাৰ-
হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে-
দ্ৰুত গতিত খোজ কঢ়াই আপোনাৰ হৃদযন্ত্ৰ শক্তিশালী কৰে আৰু উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে । ইয়াৰ উপৰিও হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে ।
ডায়েবেটিছ নিয়ন্ত্ৰণ-
তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত দ্ৰুত খোজ কঢ়াই সহায় কৰে । ই শৰীৰৰ ইনচুলিন সংবেদনশীলতা বৃদ্ধি কৰে, যাৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায় ।
মানসিক চাপ আৰু হতাশাৰ পৰা সকাহ-
খোজ কঢ়াৰ ফলত এণ্ড’ৰ্ফিন মুক্ত হয়, যিয়ে মন উন্নত কৰে আৰু মানসিক চাপ আৰু হতাশা দূৰ কৰাত সহায় কৰে ।
হাড় আৰু পেশী শক্তিশালী হয়-
দ্ৰুত গতিত খোজ কঢ়াই হাড় আৰু পেশী শক্তিশালী কৰে । ইয়াৰ উপৰিও অষ্টিঅ’পৰ’ছিছ আৰু গাঁঠিৰ বিষ কমোৱাতো সহায় কৰে ।
পাচনতন্ত্ৰ উন্নত কৰে-
প্ৰতিদিনে খৰকৈ খোজ কাঢ়িলে হজম শক্তি উন্নত হয় আৰু পেটৰ সমস্যা যেনে কোষ্ঠকাঠিন্য আদি দূৰ হয় । ই আপোনাৰ হজম শক্তিৰ বাবে অতি উপকাৰী ।
শক্তিৰ মাত্ৰা বৃদ্ধি পায়-
এই ব্যায়ামে আপোনাৰ শৰীৰটোক সক্ৰিয় আৰু শক্তিশালী কৰি ৰাখে, যাৰ ফলত গোটেই দিনটো ভাল অনুভৱ হয় । সেইবাবেই প্ৰতিদিনে খোজ কাঢ়িব লাগে ।