প্ৰটিনৰ কথা আহিলে মানুহে বুট বা গাজী মগু খাবলৈ পৰামৰ্শ দিয়ে । এই দুয়োটাকে প্ৰটিনৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয় । কিন্তু দুয়োটাৰ ভিতৰত এটা বাছি লোৱাৰ কথা আহিলে মানুহ বিভ্ৰান্ত হয় যে কোনটোত প্ৰটিন বেছি আছে । এনে পৰিস্থিতিত প্ৰ’টিনৰ বাহিৰেও দুয়োবিধতে পোৱা আন আন পুষ্টিকৰ উপাদানৰ বিষয়ে জনক, যাৰ ফলত তিয়াই থোৱা বুট নে গাজী মগু খাব সেইটো নিৰ্ণয় কৰাত সহজ হ’ব ।
বুট খোৱাৰ উপকাৰিতা-
উল্লেখ্য যে ১০০ গ্ৰাম তিয়াই থোৱা বুটত প্ৰায় ৭-৮ গ্ৰাম প্ৰটিন থাকে, ইয়াৰ বাহিৰেও আন পুষ্টিকৰ উপাদানসমূহৰ ভিতৰত আঁহ, ভিটামিন বি ৬, মেগনেছিয়াম, আৰু পটাছিয়াম আদি অন্তৰ্ভুক্ত থাকে । ইয়াক খালে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়, পাচনতন্ত্ৰ শক্তিশালী হয় আৰু তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে । ইয়াৰ লগতে আপোনাৰ শৰীৰত প্ৰটিনৰ অভাৱো পূৰণ হয় ।
মগু খোৱাৰ উপকাৰিতা-
একে সময়তে ১০০ গ্ৰাম তিয়াই থোৱা মগুত প্ৰায় ৩ৰ পৰা ৪ গ্ৰাম প্ৰটিন আৰু অন্যান্য পুষ্টিকৰ উপাদান যেনে ভিটামিন চি, ভিটামিন কে, ফলেট, মেগনেছিয়াম থাকে । তিয়াই থোৱা মগু এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ, ই পাচনতন্ত্ৰ উন্নত কৰে, আৰু কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে ।
তিয়াই থোৱা বুটে গাজী মগুতকৈ অধিক প্ৰটিন প্ৰদান কৰে । কিন্তু বুটতকৈ গাজী মগুত ভিটামিন চি আৰু ভিটামিন কেৰ দৰে অন্যান্য গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান অধিক পৰিমাণে থাকে । এনে পৰিস্থিতিত দুয়োটাকে সেৱন কৰাটো স্বাস্থ্যৰ বাবে ভাল হ’ব পাৰে ।