আৰু মাত্ৰ এটা দিনৰ পিছতে আমাৰ মাজৰ পৰা বিদায় ল’ব ২০২৪ বৰ্ষই । ইতিমধ্যে সকলোৱে নতুন আশা-প্ৰত্যাশাৰে আদৰিবলৈ সাজু হৈছে নতুন এটা বছৰ । নানান ঘটনা প্ৰৱাহৰ মাজতে ২০২৪ বৰ্ষৰ যদি কিবা মনলৈ আহে তেন্তে ইতিহাসৰ আটাইতকৈ উষ্ণ বছৰ, ৱায়ানাড ভূমিস্খলন, ফেংগাল ঘূৰ্ণীবতাহ, ৰামেল আৰু কেইবাখনো ৰাজ্যৰ বিধ্বংসী বানো অন্তৰ্ভূক্ত হ’ব । যদি এই বছৰটো ভাৰতৰ বাবে প্ৰাকৃতিক দুৰ্যোগৰ বছৰ আছিল বুলি ক’লেও মিছা কোৱা নহ’ব । এই বছৰটোত বিপজ্জনক দুৰ্যোগৰ ঘটনাই বহু লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে হাজাৰ হাজাৰ লোকক গৃহহীন কৰে আৰু বহু ঠাইত স্তব্ধ হৈ পৰে জনজীৱন । জানক ২০২৪ চনত সমগ্ৰ দেশ কঁপাই তোলা আটাইতকৈ ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ বিধ্বংসী ৰূপৰ বিষয়ে ।
বানত বিধ্বস্ত অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়া-
অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়া চহৰত ধাৰাসাৰ বৰষুণ আৰু উফন্দি উঠা নদীৰ বাবে সৃষ্টি হোৱা বানত চলিত বৰ্ষত ৪০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হয় । কেৱল এয়াই নহয়, প্ৰায় তিনি লাখ লোক এই বানত ক্ষতিগ্ৰস্ত হয় । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বান ৩১ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰলৈকে আছিল । বুদামেৰু নদী আৰু উফন্দি উঠা কৃষ্ণা নদীৰ বাবে নিম্নভূমি অঞ্চলবোৰ পানীত বুৰ গৈছিল । ইয়াৰ পিছতে সাহায্য দল উপস্থিত হৈ ৪৪ হাজাৰৰো অধিক স্থানচ্যুত বাসিন্দাক আশ্ৰয় প্ৰদান কৰে ।
বিধ্বংসী ৰূপ ধাৰণ কৰিলে ঘূৰ্ণীবতাহ ‘ৰেমল’এ-
২০২৪ চনৰ উত্তৰ ভাৰত মহাসাগৰীয় ঘূৰ্ণীৰ বতৰৰ প্ৰথমটো ধুমুহা আছিল ৰেমল । যিয়ে ২৬ মে’ত পশ্চিম বংগ আৰু বাংলাদেশৰ সুন্দৰবন বদ্বীপ অঞ্চলত আঘাত হানে । এই ধুমুহাত বংগ, মিজোৰাম, অসম আৰু মেঘালয়ত কমেও ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে চৌদিশে ধ্বংসলীলাৰ সৃষ্টি কৰিছিল ।
ৱায়ানাড ভূমিস্খলন: ধ্বংসাৱশেষৰ পৰা ভাঁহি আহিছিল সহায় বিচৰা মাতবোৰ-
কেৰালাৰ ৱায়ানাড জিলাৰ জনসাধাৰণে এই বছৰৰ ৩০ জুলাই কেতিয়াও পাহৰিব নোৱাৰে । ৱায়ানাডৰ মেপ্পাডিৰ ওচৰৰ বিভিন্ন পাহাৰীয়া অঞ্চলত ভূমিস্খলনে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছিল । এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত তিনিশৰো অধিক লোকৰ মৃত্যু হয় । ৱায়ানাড জিলাৰ চৌৰলামাল্লাৰ মুণ্ডাক্কাই আৰু মালাপ্পুৰম জিলাৰ নীলাম্বুৰ বনাঞ্চলত ভূমিস্খলন সংঘটিত হয় । ভূমিস্খলনৰ পিছত ধ্বংসপ্ৰাপ্ত ঘৰ আৰু ধ্বংসাৱশেষৰ স্তূপত আবদ্ধ হৈ থকা লোকসকলে ফোন কৰি সহায়ৰ বাবে কাতৰ অনুৰোধ জনাইছিল । বছৰৰ আটাইতকৈ মাৰাত্মক ভূমিস্খলনত ১৫০০ৰো অধিক ঘৰৰ ক্ষতিসাধন কৰাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে ।
দুমাহৰ ভিতৰতে হিমাচল প্ৰদেশত ৫১ বাৰকৈ ডাৱৰ বিস্ফোৰণ-
জুনৰ পৰা আগষ্টলৈকে হিমাচল প্ৰদেশত ৫১টা ডাৱৰ বিস্ফোৰণ আৰু বানৰ ঘটনা সংঘটিত হয় । দুৰ্যোগত কমেও ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক সন্ধানহীন হৈ পৰে । এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ হ’ল লাহাউল আৰু স্পিটি । এই সময়ছোৱাত ১২১টা ঘৰ ধ্বংস হোৱাৰ লগতে ৩৫টা ভূমিস্খলন সংঘটিত হয় । এই দুৰ্যোগৰ বাবে ৰাজ্যখনৰ লোকচান হয় প্ৰায় ১১৪০ কোটি টকা ।
ঘূৰ্ণীবতাহ ফেংগালঃ ভূমিস্খলন…অভিলেখ ভংগকাৰী বৰষুণ-
৩০ নৱেম্বৰত পুডুচেৰীৰ সমীপত ফেংগাল ঘূৰ্ণীবতাহ স্থলপথত প্ৰৱেশ কৰাত কমেও ১৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক প্ৰভাৱিত হয় । ধুমুহাৰ ফলত পুডুচেৰীত ৪৬ চে.মি. বৰষুণৰ ফলত তামিলনাডুৰ বহু জিলাত শস্যৰ ব্যাপক ক্ষতি হয় । ফেংগাল ঘূৰ্ণীবতাহে পুডুচেৰীত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰতো ইয়াৰ প্ৰভাৱ অনুভৱ হৈছিল ।
অসমত জলপ্ৰলয়-
ধাৰাসাৰ বৰষুণ আৰু বানৰ বাবে এইবাৰ উত্তৰ-পূব ভাৰতৰ পৰিস্থিতিও শোচনীয় হৈ পৰিছিল । দূৰ-দূৰণিৰ… চকুৱে দেখা পোৱালৈকে আছিল কেৱল পানী আৰু পানী । এই প্ৰলয়ত নদীৰ আনটো পাৰ ক’ত আৰু গাঁৱৰ সীমা ক’ত আছে তাৰ পাৰ্থক্য নিৰ্ণয় কৰাটো কঠিন হৈ পৰিছিল । বাট-পথ, ঘৰ-বাৰী সকলোবোৰ বানত ডুব গৈছিল । অসমত চলিত বৰ্ষত ভয়ংকৰ বানত ১১৭ জন লোকৰ মৃত্যু হয় । আনকি ২১ লাখৰো অধিক লোক আক্ৰান্ত হোৱাৰ তথ্যও পোহৰলৈ আহিছিল । প্ৰতি বছৰৰ দৰে এইবাৰো এই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন ব্ৰহ্মপুত্ৰ নদীৰ ক্ৰোধৰ সন্মুখীন হৈছিল ।