যেতিয়া আপুনি মৰুভূমিৰ কথা ভাবে তেতিয়া মনলৈ প্ৰথম ছবিখন কি আহে ? উচ্চ বালিৰ টিলা আৰু দূৰদূৰলৈ পানীৰ অভাৱ । সাধাৰণতে মৰুভূমিত মানুহে পানীৰ বাবে কেইবা কিলোমিটাৰ ভ্ৰমণ কৰিব লগা হয় । গতিকে কল্পনা কৰক পৃথিৱীৰ আটাইতকৈ বৃহৎ মৰুভূমিখনত মানুহৰ কি অৱস্থা হয় ! পৃথিৱীৰ আটাইতকৈ বৃহৎ মৰুভূমি, চাহাৰাত পানী বিচাৰি পোৱাটো এটা সময়ত সম্ভৱ নাছিল । কিন্তু এই কথা এতিয়া অতীত হৈ পৰিছে । শেহতীয়াকৈ চাহাৰা মৰুভূমিৰ কিছু আশ্চৰ্যকৰ প্ৰতিচ্ছবি প্ৰকাশ পাইছে । যিয়ে সকলোকে আচৰিত কৰি তুলিছে ।
৫০ বছৰৰ পিছত আহিল বান-
উল্লেখ্য যে, ৫০ বছৰৰ পিছত, বানত বুৰ গ’ল চাহাৰা মৰুভূমি । আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই ইয়াৰ উপগ্ৰহৰ পৰা কিছুমান ছবি প্ৰকাশ কৰিছে । এই ছবিবোৰ চাই চাহাৰাত বান হোৱাৰ কথা অনুমান কৰিব পাৰি । পানীয়ে ওখ বালিৰ টিলাবোৰৰ মাজভাগ ভৰাই তুলিছে । এয়া মুষলধাৰ বৰষুণৰ বাবে হোৱা বুলি জানিব পৰা গৈছে । দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ পিছত, চাহাৰা মৰুভূমি এতিয়া হ্ৰদলৈ পৰিণত হৈছে ।
ইয়াৰ কাৰণ কি ?
প্ৰকৃততে, আফ্ৰিকাৰ দেশ মৰক্কোত একেৰাহে ২ দিন ধৰি ধাৰাসাৰ বৰষুণ হৈছিল । ৰাষ্ট্ৰখনৰ ৰাজধানীৰ পৰা ৪৫০ কিলোমিটাৰ দূৰত অৱস্থিত এখন গাঁৱত মাত্ৰ ২৪ ঘণ্টাত ১০০ মিমি বৰষুণ ৰেকৰ্ড কৰা হৈছে বুলি মৰক্কো বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে । একে সময়তে, নাছাৰ উপগ্ৰহত ইৰকুই হ্ৰদৰ এখন ফটোও বন্দী কৰা হৈছে । যোৱা ৫০ বছৰ ধৰি শুকান হৈ থকা হ্ৰদটো পুনৰ পানীৰে ভৰি পৰিছে ।
২০২২ চনত বৰফ পৰিছিল-
চাহাৰা মৰুভূমি পশ্চিম, উত্তৰ আৰু মধ্য আফ্ৰিকাৰ বহুতো দেশত বিস্তৃত । বিজ্ঞানীসকলৰ মতে, গোলকীয় উষ্ণতাৰ ফলত বহু ঠাইত অত্যাধিক বতৰৰ পৰিঘটনা দেখা যায় । চাহাৰা মৰুভূমিৰ বানো ইয়াৰ অংশ । অৱশ্যে, চাহাৰা মৰুভূমি প্ৰথমবাৰৰ বাবে বাতৰিত নাই । ইয়াৰ আগতে ২০২২ চনত চাহাৰা মৰুভূমিত তুষাৰপাত দেখা গৈছিল, যাৰ ফলত সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি হৈছিল ।