ৰাজস্থানৰ জয়ছেলমেৰৰ পোখৰাণ ফায়াৰিং ৰেঞ্জত আজি ভাৰতে থলুৱাভাৱে নিৰ্মিত VSHORADS ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰে । ৰাজস্থানৰ পোখৰাণ ৰেঞ্জত উন্নয়নমূলক পৰীক্ষাৰ অংশ হিচাপে ডি আৰ ডি অ’ই অতি কম দূৰত্বৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ তিনিটা পৰীক্ষা চলাইছিল । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইন সফল উন্নয়ন পৰীক্ষাৰ সৈতে জড়িত ডি আৰ ডি অ’, ভাৰতীয় সেনা আৰু উদ্যোগক অভিনন্দন জনাই কয় যে আধুনিক প্ৰযুক্তিৰে সজ্জিত এই নতুন ক্ষেপণাস্ত্ৰই আকাশী ভাবুকিৰ বিৰুদ্ধে সশস্ত্ৰ বাহিনীক অধিক প্ৰযুক্তিগত উত্থান প্ৰদান কৰিব ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, “ডি আৰ ডি অ’ ইণ্ডিয়াই পোখৰাণৰ পৰা চতুৰ্থ প্ৰজন্মৰ প্ৰযুক্তিগতভাৱে উন্নত ক্ষুদ্ৰ অস্ত্ৰ প্ৰণালী VSHORADSৰ তিনিটা উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সফল উন্নয়নৰ সৈতে জড়িত ডি আৰ ডি অ’, ভাৰতীয় সেনা আৰু উদ্যোগক অভিনন্দন জনাইছে ।
এই মিছাইল প্ৰণালী যোৱা কেইবছৰমান ধৰি বিকাশৰ অধীনত আছে আৰু শত্ৰুৰ বিমান, ড্ৰোন আৰু অন্যান্য আকাশী লক্ষ্যসমূহ কম পৰিসৰত মোকাবিলা কৰিবলৈ বাহিনীৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি আশা কৰা হৈছে । সেনাবাহিনী ইয়াৰ প্ৰয়োজনীয়তাৰ বাবে ৰাছিয়াৰ ইগলা মিছাইলৰ ওপৰত নিৰ্ভৰশীল, কিন্তু এক দশকৰো অধিক সময় ধৰি ইয়াৰ তালিকাৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আহিছে ।
VSHORADS প্ৰকল্পৰ উন্নয়ন আৰু উৎপাদনৰ সৈতে দুটা ব্যক্তিগত কোম্পানী জৰিত হৈ আছে ।