ইউনেস্কোৱে তেওঁলোকৰ পেৰিছমুখ্য কাৰ্যালয়ত চিফ অফ চেক্সন (পি-5) পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে। যাৰ উদ্দেশ্য হৈছে পানী বিজ্ঞানৰ পদক্ষেপৰ নেতৃত্ব দিয়া। শিক্ষা মন্ত্ৰালয়ে এই খালী পদসম্পৰ্কে এক জাননী জাৰি কৰিছে, য’ত যোগ্য প্ৰাৰ্থীসকলক ইউনেস্কোৰ অফিচিয়েল ৱেবছাইটত বিৱৰণবোৰ পুনৰীক্ষণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
এই পদসমূহৰ আবেদনৰ অন্তিম তাৰিখ হৈছে চলিত মাহৰ ২৮ অক্টোবৰ।প্ৰাৰ্থীসকলৰ জলভূবিজ্ঞান আৰু জলসম্পদত বিশেষজ্ঞতাৰ লগতে পানী বা পৰিৱেশ বিজ্ঞানত উন্নত ডিগ্ৰী (স্নাতকোত্তৰ বা সমতুল্য) থাকিব লাগিব। ইয়াৰ উপৰিও, আৱেদনকাৰীসকলৰ জল সম্পদ বা জলভূবিজ্ঞানত কমেও ১০ বছৰৰ অভিজ্ঞতা থকাৰ লগতে আন্তৰ্জাতিক পৰ্যায়ত কমেও পাঁচ বছৰৰ অভিজ্ঞতা থাকিব লাগে।এই পদৰ বাবে আৰম্ভণি পাৰিশ্ৰমিক হৈছে আমেৰিকান ডলাৰ প্ৰায় ১৫১,৪২৯ । আগ্ৰহী আৰু যোগ্য আবেদনকাৰীসকলক অধিক তথ্য আৰু আপডেটৰ বাবে অফিচিয়েল ৱেবছাইটত নজৰ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।