চলিত মাহৰ ২২ তাৰিখে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে স্তম্ভিত কৰি তুলিছে অভিনেত্ৰী হিনা খানক।অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ দুখ প্ৰকাশ কৰিছে আৰু এই ঘটনাটোৰ নিন্দা কৰিছে। ইয়াৰ লগতে তেওঁ কাশ্মীৰী হোৱাৰ বাবে ক্ষমাও খুজিছে।
অভিনেত্ৰী গৰাকীয়ে লিখিছে যে, ‘শোকবাৰ্তা।এটা ক’লা দিন।নিন্দনীয়। মমতাৰ আহ্বান কৰিছো।যদি আমি বাস্তৱক গ্ৰহণ কৰাত ব্যৰ্থ হওঁ তেতিয়া একোৱেই গুৰুত্বপূৰ্ণ নহয়’।
‘বিশেষকৈ মুছলমান হিচাপে যদি আমি প্ৰকৃততে যি হৈছিল সেয়া মানি নলওঁ তেন্তে বাকী সকলোবোৰেই ঠিক তেনেকুৱাই কৰিব’।
তেওঁ এই সন্ত্ৰাসবাদী আক্ৰমণটোক লৈ ক্ষোভ প্ৰকাশ কৰি কৈছে যে, ‘যি ধৰণে এই আক্ৰমণটো নিৰ্দয়, অমানৱীয়, মগজু নোহোৱা সন্ত্ৰাসবাদীয়ে কৰিছে, যিয়ে নিজকে মুছলমান বুলি কয়, তেওঁলোক বহুত ভংয়কৰ’।
‘মই কল্পনাও কৰিব নোৱাৰো এজন মুছলমানক বন্দুক আগত ৰাখি নিজৰ ধৰ্ম ত্যাগ কৰিবলৈ কয় আৰু তথাপি তেওঁক হত্যা কৰে। এইটোৱে মোৰ হৃদয় ভাঙি পেলাইছে।’
মই সেই সকলক ঘৃণ কৰো, যিসকলে এই কাম কৰিছে।যিসকলে এই কাম কৰিলে, যি ধৰ্ম্মতেই নাথাকক কিয়, মোৰ বাবে তেওঁলোক মানুহ নহয়।একাংশ মুছলমানৰ এই কাৰ্যত মোৰ লাজ লাগিছে’।
‘মই নিজৰ সতীৰ্থ ভাৰতীয়সকলক প্ৰাৰ্থনা কৰিছো যাতে তেওঁলোকে যে আমাক বিচ্ছিন্ন নকৰে। আমি যদি ইজনে সিজনৰ লগত যুঁজিবলৈ আৰম্ভ কৰো তেন্তে আমি তেওঁলোকে বিচৰা কামটোৱে কৰিম,আমাক বিভাজিত কৰিবলৈ, যুঁজি থাকিবলৈ আৰু ভাৰতীয় হিচাপে আমি এনেকুৱা হ’বলৈ দিব নালাগে।’
তেওঁ লগতে কয় যে, এজন ভাৰতীয় হিচাপে মই নিজৰ দেশৰ সৈতে থিয় দিছো। এজন মুছলমান হিচাপে মোৰ সকলো সহযোগী হিন্দু আৰু সকলো ভাৰতীয়ৰ ওচৰত ক্ষমা বিচাৰিছো’।
‘মই এই ঘটনাক লৈ ন্যায় বিচাৰিছো। ইয়াক লৈ কোনো ৰাজনীতি নকৰিব, কোনো বিভাজন নকৰিব। জয় হিন্দ।