দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী বুশ্ব উইলমোৰ আৰু সুনীতা উইলিয়ামছৰ ঠাইত আন মহাকাশচাৰী মোতায়েন কৰিবলৈ এদিন পূৰ্বে ৰাওনা হোৱা স্পেচএক্স মহাকাশযান দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হয় ।
ইয়াৰ লগে লগে উইলিয়ামছ আৰু উইলমোৰৰ উভতি অহাৰ পথ প্ৰশস্ত হয় । আমেৰিকা, জাপান আৰু ৰাছিয়াক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে চাৰিজন নতুন মহাকাশচাৰী । তেওঁলোকে কেইদিনমান উইলিয়ামছ আৰু উইলমোৰৰ পৰা ষ্টেচনটোৰ বিষয়ে তথ্য লাভ কৰিব ।
অনুমান কৰা হৈছে যে যদি বতৰ অনুকূল হৈ থাকে তেন্তে অহা সপ্তাহত আৱদ্ধ হৈ থকা দুয়োজন মহাকাশচাৰীক ফ্ল’ৰিডাৰ উপকূলৰ ওচৰৰ পানীত অৱতৰণ কৰোৱা হব । উইলমোৰ আৰু উইলিয়ামছে ৫ জুনত কেপ কানাভেৰালৰ পৰা বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত ৰাওনা হৈছিল । দুয়োজনেই মাত্ৰ এসপ্তাহৰ বাবে গৈছিল যদিও মহাকাশযানৰ পৰা হিলিয়ামৰ লিকেজ আৰু আন কাৰিকৰী সমস্যাৰ বাবে প্ৰায় ৯ মাহ ধৰি মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে ।
আমেৰিকাৰ মহাকাশ সংস্থাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা মহাকাশচাৰীৰ নতুন দলটোত নাছাৰ এন্নে মেকলেন আৰু নিকোল আয়াৰ্ছ আছে । দুয়োজনেই মিলিটাৰী পাইলট । তদুপৰি জাপানৰ টাকুয়া অনিছি আৰু ৰাছিয়াৰ কিৰিল পেস্কোভো গৈছে আৰু দুয়োজনেই বিমান কোম্পানীৰ প্ৰাক্তন পাইলট । স্বাভাৱিক সময় বুলি গণ্য কৰা উইলমোৰ আৰু উইলিয়ামছ পৃথিৱীলৈ ঘূৰি অহাৰ পিছত আগন্তুক ছমাহ মহাকাশ কেন্দ্ৰত কটাব চাৰিওজনে ।
শীঘ্ৰেই পৃথিৱীলৈ আহিব সুনীতা-
অনাগত দিনত সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰে মহাকাশ কেন্দ্ৰটোৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য নতুন মহাকাশচাৰীসকলক প্ৰদান কৰিব । চলিত সপ্তাহৰ শেষৰ ফালে তেওঁলোক স্পেচএক্স কেপচুলৰ জৰিয়তে পৃথিৱীলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে । নাছাৰ মতে যদি বতৰ অনুকূল হৈ থাকে তেন্তে বুধবাৰৰ পূৰ্বে স্পেচএক্স কেপচুল মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হৈ ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব ।