পৃথিৱীৰ এনে এখন দেশ আছে য’ত আজিও ইণ্টাৰনেটৰ ব্যৱহাৰ একেবাৰেই নহয় । হয়, য’ত বৰ্তমান আমাৰ দৈনন্দিন জীৱন ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে, সেই সময়তেই পৃথিৱীত এনে এখন দেশ আছে য’ত ০% ইণ্টাৰনেট ব্যৱহাৰ কৰা হয় ।
এই দেশখন হৈছে উত্তৰ কোৰিয়া, য’ত ইন্টাৰনেটৰ ব্যৱহাৰ একেবাৰেই নহয় । উত্তৰ কোৰিয়াক প্ৰায়ে বিশ্বৰ আটাইতকৈ ৰহস্যময় দেশ বুলি কোৱা হয় । ইয়াৰ কাৰণ হ’ল ইয়াত কঠোৰ শাসন ব্যৱস্থা আৰু বাহিৰৰ জগতৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ থকাৰ নীতি । এই দেশত ইণ্টাৰনেটৰ ব্যৱহাৰ অত্যন্ত সীমিত আৰু সাধাৰণ মানুহৰ বাবে ইয়াৰ প্ৰসাৰ প্ৰায় নগণ্য ।
উত্তৰ কোৰিয়াত, ইণ্টাৰনেটৰ সলনি স্থানীয় নেটৱৰ্ক অৰ্থাৎ ইণ্ট্ৰানেট ব্যৱহাৰ কৰা হয় । কেৱল চৰকাৰী অনুমোদিত ৱেবছাইট আৰু তথ্য এই ইণ্ট্ৰানেটত উপলব্ধ থাকে । সাধাৰণ মানুহে এই ইণ্ট্ৰানেটৰ জৰিয়তে অতি সীমিত তথ্য লাভ কৰে ।
উত্তৰ কোৰিয়া চৰকাৰে ইণ্টাৰনেটত বাধা আৰোপ কৰাৰ আঁৰত বহু কাৰণ দাঙি ধৰে । এইবোৰৰ কিছুমান মূল কাৰণ- আচলতে চৰকাৰৰ মতে ইণ্টাৰনেটে মানুহৰ মনত ভুল চিন্তাৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ ফলত শাসন ব্যৱস্থা দুৰ্বল হ’ব পাৰে ।
চৰকাৰে নিবিচাৰে যে ইয়াৰ নাগৰিকসকল বাহিৰৰ পৃথিৱীৰ প্ৰভাৱলৈ আহি চৰকাৰৰ বিৰুদ্ধে যাওক । চৰকাৰে নিশ্চিত কৰিব বিচাৰে যে মানুহে কেৱল চৰকাৰে বিচৰা তথ্যহে পায় ।
চৰকাৰে বিশ্বাস কৰে যে ইণ্টাৰনেট দেশৰ সংস্কৃতি আৰু পৰম্পৰাৰ বাবে ভাবুকি । সেইকাৰণে ইয়াত থকা লোকসকলক ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ নিষেধ কৰা হৈছে ।
ইণ্টাৰনেটৰ অভাৱত উত্তৰ কোৰিয়াৰ জনসাধাৰণে বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে । পৃথিৱীত ঘটি থকা পৰিঘটনাবোৰৰ বিষয়ে মানুহে অতি কম তথ্য পায়, আমাৰ দৰে ইণ্টাৰনেটৰ জৰিয়তে ইয়াত জীৱনটো সহজ হৈ নাযায় ।