হৰমুজ প্ৰণালীত তীব্ৰতৰ হৈ উঠিছে যুদ্ধ, ভাৰতত স্তব্ধ হৈ পৰিব পাৰে ইণ্টাৰনেট!

বাস্তৱতে বিশ্বৰ বেছিভাগ ইণ্টাৰনেট ট্ৰেফিক সাগৰৰ তলৰ ফাইবাৰ-অপ্টিক কেবলৰ জৰিয়তে যাত্ৰা কৰে । দিহে হৰমুজ প্ৰণালীত উত্তেজনা বৃদ্ধি পায়, তেন্তে সাগৰৰ তলেৰে যোৱা কেবলত বহুতো প্ৰভাৱ পৰিব পাৰে ।

পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাৰ মাজতে হৰমুজ প্ৰণালীক লৈয়ো বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে । এই সাগৰীয় পথটো দীৰ্ঘদিন ধৰি বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল পৰিবহণ পথ হিচাপে বিবেচিত হৈ আহিছে । অৱশ্যে কেৱল পেট্ৰ’ল আৰু ডিজেলৰ বাবেই নহয় ডিজিটেল আন্তঃগাঁথনিৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । এই অঞ্চলত অসংখ্য ফাইবাৰ-অপ্টিক কেবল সাগৰৰ তলত স্থাপন কৰা হৈছে যিয়ে ইণ্টাৰনেটৰ তথ্য এখন দেশৰ পৰা আন এখন দেশলৈ লৈ যায় । বিশেষজ্ঞসকলৰ মতে এই অঞ্চলত সংঘাত বা বিঘিনি ঘটিলে কেৱল তেলৰ বজাৰতে নহয়, ইণ্টাৰনেট সেৱাতো প্ৰভাৱ পৰিব পাৰে ।

বহু লোকে ধাৰণা কৰে যে ইণ্টাৰনেট উপগ্ৰহৰ দ্বাৰা চালিত হয়, কিন্তু বাস্তৱতে বিশ্বৰ বেছিভাগ ইণ্টাৰনেট ট্ৰেফিক সাগৰৰ তলৰ ফাইবাৰ-অপ্টিক কেবলৰ জৰিয়তে যাত্ৰা কৰে । এই একে কেবলসমূহে ইমেইল, অনলাইন বেংকিং, ক্লাউড ডাটা, ভিডিঅ’ কল, ষ্ট্ৰীমিং, আৰু আন্তঃৰাষ্ট্ৰীয় ডিজিটেল লেনদেন সক্ষম কৰি তোলে । সেইবাবেই এই অঞ্চলটোত যিকোনো অস্থিৰতাই বিশ্বব্যাপী ইণ্টাৰনেট নেটৱৰ্কৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আমাৰ ইণ্টাৰনেট সেৱাত প্ৰত্যক্ষ প্ৰভাৱ পৰিব পাৰে ।

ভাৰতৰো আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট সংযোগ বহু পৰিমাণে আৰব সাগৰৰ মাজেৰে উপসাগৰীয় অঞ্চল আৰু ইউৰোপলৈ যোৱা সাগৰৰ তলৰ কেবলৰ ওপৰত নিৰ্ভৰশীল । এই কেবলবোৰৰ এটা বৃহৎ অংশ হৰমুজ বন্দৰৰ মাজেৰে পাৰ হৈ যায় । বাতৰি অনুসৰি ভাৰতৰ পশ্চিম দিশলৈ যোৱা ইণ্টাৰনেটৰ প্ৰায় এক তৃতীয়াংশ এই অঞ্চলৰ মাজেৰে পাৰ হৈ যায় । অৰ্থাৎ ভাৰতৰ পৰা বিদেশলৈ তথ্য যাতায়তৰ এক উল্লেখযোগ্য অংশ এই পথৰ ওপৰত নিৰ্ভৰশীল । এই ডাটা ট্ৰেফিক আমাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাসমূহ যেনে- ক্লাউড কম্পিউটিং প্লেটফৰ্ম, আন্তঃৰাষ্ট্ৰীয় বেংকিং আৰু বিত্তীয় নেটৱৰ্ক, বহুজাতিক কোম্পানীসমূহৰ ডিজিটেল পৰিচালনা, ছ’চিয়েল মিডিয়া আৰু ষ্ট্ৰীমিং সেৱা, উপসাগৰীয় অঞ্চলত দ্ৰুতগতিত বৃদ্ধি পোৱা ডিজিটেল আন্তঃগাঁথনিপূৰণ কৰাত সহায় কৰে ।

বিশেষজ্ঞসকলৰ মতে, যদিহে হৰমুজ প্ৰণালীত উত্তেজনা বৃদ্ধি পায়, তেন্তে সাগৰৰ তলেৰে যোৱা কেবলত বহুতো প্ৰভাৱ পৰিব পাৰে । সাগৰৰ তলত পৰি থকা কেবলবোৰ জাহাজৰ লংগৰ, সামুদ্ৰিক দুৰ্ঘটনা, নৌসেনাৰ কাৰ্যকলাপ বা পানীৰ তলত বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হ’ব পাৰে । আনকি এডাল কেবল ক্ষতিগ্ৰস্ত হ’লেও ইণ্টাৰনেট ট্ৰেফিকত যথেষ্ট পৰিমাণৰ ব্যাঘাত জন্মিব পাৰে ।

আনহাতে সাধাৰণ পৰিস্থিতিত এই কেবলসমূহ বিশেষ জাহাজ ব্যৱহাৰ কৰি মেৰামতি কৰা হয়, কিন্তু যুদ্ধ বা নিৰাপত্তাৰ বিপদৰ ক্ষেত্ৰত মেৰামতি কৰাটো কঠিন হৈ পৰে । এনে মেৰামতিৰ বাবে কেতিয়াবা কেইবামাহো লাগিব পাৰে । ইফালে প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ইণ্টাৰনেট ট্ৰেফিক তাত্ত্বিকভাৱে অন্য কেবল পথলৈ পুনৰ স্থানান্তৰ কৰিব পৰা যাব, কিন্তু সেই পথসমূহত পৰ্যাপ্ত ক্ষমতাৰ অভাৱ । ইয়াৰ ফলত ইণ্টাৰনেটৰ গতি লেহেমীয়া হ’ব পাৰে আৰু নেটৱৰ্কৰ চাপ বৃদ্ধি পাব পাৰে ।

যদিহে হৰমুজ প্ৰণালীৰ আশে-পাশে থকা কেবলত বিঘিনি ঘটে তেন্তে ভাৰতৰ ঘৰুৱা ইণ্টাৰনেট নেটৱৰ্কত শীঘ্ৰেই কোনো প্ৰভাৱ নপৰে, কিন্তু আন্তঃৰাষ্ট্ৰীয় সংযোগত প্ৰভাৱ পৰিব পাৰে । ইয়াৰ ফলত বিদেশী চাৰ্ভাৰৰ সৈতে সংযুক্ত সেৱাসমূহৰ লগতে আন্তঃৰাষ্ট্ৰীয় লেনদেন, বিশ্বব্যাপী চফ্টৱেৰ প্লেটফৰ্মসমূহ আৰু বিদেশী ৱেবছাইটসমূহৰ গতিত প্ৰভাৱ পৰিব পাৰে । ব্যৱহাৰকাৰীসকলে ইণ্টাৰনেটৰ গতি লেহেমীয়া বা সেৱাত বিলম্বৰ সন্মুখীন হ’ব পাৰে ।

লগতে পঢ়ক : আবুধাবিৰ সৰ্ববৃহৎ হিন্দু মন্দিৰত হাই এলাৰ্ট, যুদ্ধৰ মাজতে বন্ধ BAPS মন্দিৰ

বন্ধ হৈ পৰিল ইণ্টাৰনেট; নৈতিকতাৰ নামত তালিবানৰ কঠোৰ নিয়ন্ত্ৰণ

বন্ধ হৈ পৰিল ইণ্টাৰনেট

আফগানিস্তানত বিচ্ছিন্ন হৈ পৰিছে ইন্টাৰনেট সংযোগ । স্থানীয় সংবাদ মাধ্যমে অনৈতিকতাৰ বিৰুদ্ধে তালিবানৰ অভিযানৰ অংশ হিচাপে সমগ্ৰ দেশতে ফাইবাৰ অপটিক সেৱাৰ সম্ভাৱ্য কৰ্তনৰ বাতৰি প্ৰকাশ কৰিছে । ২০২১ চনৰ আগষ্ট মাহত তালিবান ক্ষমতালৈ অহাৰ পিছত আফগানিস্তানত এইটোৱেই প্ৰথম এনে ব্লেক আউট দেখা গৈছে । চলিত মাহৰ আৰম্ভণিতে তালিবানৰ নেতা হিবাতুল্লাহে অনৈতিকতা ৰোধৰ বাবে ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পিছত কেইবাখনো প্ৰদেশে ফাইবাৰ অপটিক সংযোগ হেৰুৱাইছিল ।

ইণ্টাৰনেট এক্সেছ প্ৰদান কৰা গ্ৰুপ নেটব্লকছে কয়- লাইভ মেট্ৰিকে দেখুৱাইছে যে আফগানিস্তানত সংযোগ স্বাভাৱিক স্তৰৰ ১৪% লৈ “কমি” গৈছে, যাৰ ফলত সমগ্ৰ দেশতে টেলিকমসমূহৰ প্ৰায় সম্পূৰ্ণ বিঘিনি ঘটিছে ।

গোটটোৱে আৰু কয় যে, “এই কাণ্ডই জনসাধাৰণৰ বাহিৰৰ জগতখনৰ সৈতে যোগাযোগ কৰাৰ ক্ষমতাক গুৰুতৰভাৱে সীমিত কৰাৰ সম্ভাৱনা আছে ।”

ইফালে বাহ্যিক আৰু আভ্যন্তৰীণ যোগাযোগৰ বাবে মেছেজিং এপ আৰু ছ’চিয়েল মিডিয়াৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল তালিবান চৰকাৰৰ পৰা ব্লেকআউটৰ কোনো নিশ্চয়তা পোৱা নাই বুলিও এক খবৰ প্ৰকাশ পাইছে ।

লগতে পঢ়ক : ইউক্ৰেইনত ৰাছিয়াৰ বিমান আক্ৰমণ; ৫৯৫খন ড্ৰোন আৰু ৪৮টা মিছাইল নিক্ষেপ

চুৰি হ’ল ১৬ বিলিয়ন একাউণ্টৰ পাছৱৰ্ড; যিকোনো সময়তে হ’ব পাৰে হেক

চুৰি হ’ল ১৬ বিলিয়ন একাউণ্টৰ পাছৱৰ্ড

যদি আপুনি ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু গুগল, এপল, ফেচবুক বা টেলিগ্ৰামৰ দৰে প্লেটফৰ্ম ব্যৱহাৰ কৰে, তেন্তে এতিয়া সজাগ হোৱাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

শেহতীয়া খবৰ অনুসৰি ১৬ বিলিয়নৰো অধিক লগইনৰ সবিশেষ অনলাইনত ফাদিল হৈছে।ইয়াৰ ভিতৰত পাছৱৰ্ডৰ পৰা আৰম্ভ কৰি ইউজাৰনেমলৈকে সকলো আছে, যিবোৰ চাইবাৰ অপৰাধীয়ে এতিয়া মুকলিকৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে।

চাইবাৰ নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে, এইটোৱেই আজিলৈকে হোৱা আটাইতকৈ ডাঙৰ ডাটা ভংগ বুলি ধাৰণা কৰা হৈছে।

ইয়াৰ ভিতৰত ছ’চিয়েল মিডিয়া, ইমেইল, কৰ্পৰেট একাউণ্ট, পাছৱৰ্ড, VPN আৰু ডেভেলপাৰৰ প্লেটফৰ্মলৈ প্ৰৱেশৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে।অৰ্থাৎ যদি আপুনি কেতিয়াবা ইণ্টাৰনেটত কোনো সেৱা ব্যৱহাৰ কৰিছে, তেন্তে আপোনাৰ ডাটাও এই লিকৰ অংশ হ’ব পাৰে।

একাউণ্টৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাৰ আশংকা

এই লিকৰ পিছত বিপদ কেৱল আপোনাৰ একাউণ্ট হেক হোৱাৰ নহয়, আপোনাৰ সমগ্ৰ ডিজিটেল জীৱনটোও ইয়াৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।

ফিছিং আক্ৰমণৰ পৰা আৰম্ভ কৰি পৰিচয় চুৰি আৰু অনলাইন জালিয়াতিলৈকে এতিয়া আৰু অধিক দ্ৰুতগতিত কাণ্ড বৃদ্ধি পাব পাৰে।

এই কোম্পানীসমূহৰ ব্যৱহাৰকাৰীসকল হ’ব লাগে সজাগ

গুগল আৰু জিমেইল ব্যৱহাৰকাৰী

এপল আইডি থকা ব্যৱহাৰকাৰী

ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ একাউণ্ট

টেলিগ্ৰাম আৰু অন্যান্য চেটিং এপৰ ​​ব্যৱহাৰকাৰী

ভিপিএন ব্যৱহাৰ কৰা লোকসকল

যদি আপুনি এই প্লেটফৰ্মসমূহৰ যিকোনো এটাৰ সৈতে সংযুক্ত, তেন্তে বুজি লওক যে আপুনিও এই ভাবুকিৰ বলি হ’ব পাৰে।

লগতে পঢ়ক: নাছাই পুনৰ পিছুৱালে Axiom-4  মিছনৰ উৎক্ষেপণ; সোনকালেই ঘোষণা কৰা হ’ব নতুন তাৰিখ

২০২৪ চনত কোন ১০খন দেশ ইণ্টাৰনেটৰ গতিৰ ক্ষেত্ৰত শীৰ্ষত আছে  ?

আজিৰ আধুনিক যুগত ইণ্টাৰনেট আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে । অনলাইন শ্বপিং হওক, একাডেমিক ৰিচাৰ্চ হওক, বা ভিডিঅ’ কনফাৰেন্সিং হওক, দ্ৰুত ইণ্টাৰনেটৰ গতিবেগে সকলো সহজ কৰি তুলিছে । কিন্তু বিশ্বজুৰি ইণ্টাৰনেটৰ গতিৰ ক্ষেত্ৰত কিছুমান দেশ আছে যিবোৰ আন কিছুমানতকৈ বহু আগবাঢ়ি আছে । ২০২৪ চনত এই দেশসমূহে দ্ৰুততম ইণ্টাৰনেট গতিৰ ক্ষেত্ৰত নতুন উচ্চতা স্পৰ্শ কৰিছে । ৱৰ্ল্ড পপুলেচন ৰিভিউৰ মতে এই দেশসমূহৰ বিষয়ে জানক আৰু ইয়াৰ ইন্টাৰনেটৰ গতিও এবাৰ চাওক ।

সংযুক্ত আৰব আমিৰশ্বাহী(UAE)-

ইণ্টাৰনেটৰ গতিৰ ক্ষেত্ৰত এইবাৰ ইউ এ ইয়ে প্ৰথম স্থান দখল কৰিছে । ২৯৭.৬২ এম বি পি এছ গড় গতিৰে দেশখন ডিজিটেল সংযোগৰ ক্ষেত্ৰত আগশাৰীৰ দেশত পৰিণত হৈছে । এই দ্ৰুত গতিবেগে ব্যৱসায়, শিক্ষা, মনোৰঞ্জনৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা লৈছে ।

ছিংগাপুৰ-

ইণ্টাৰনেটৰ গতিৰ ক্ষেত্ৰত ছিংগাপুৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দেশ । ইয়াত ২৯৭.৫৭ এম বি পি এছৰ গতিবেগে দেশখনক দ্বিতীয় স্থানত ৰাখিছে । এই দেশখন অতি আধুনিক প্ৰযুক্তিৰ মৌলিক আন্তঃগাঁথনিৰ বাবে পৰিচিত ।

হংকং-

এছিয়াৰ টেক হাব হংকঙে ২৮০ এম বি পি এছ গতিৰে তৃতীয় স্থান লাভ কৰিছে । ইয়াত দ্ৰুত ইণ্টাৰনেটৰ গতিবেগে ডিজিটেল উদ্ভাৱন আৰু স্মাৰ্ট চিটিৰ পদক্ষেপক প্ৰসাৰিত কৰিছে ।

চিলি-

দক্ষিণ আমেৰিকাত ইণ্টাৰনেটৰ গতিৰ ক্ষেত্ৰত চিলিয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । গড় গতিবেগ ২৬৫.৬২ এম বি পি এছেৰে দেশখন চতুৰ্থ স্থানত আছে ।

আমেৰিকা-

কাৰিকৰী ক্ষেত্ৰখনৰ অন্যতম প্ৰভাৱশালী দেশ আমেৰিকাই ২৪২.২৭ এম বি পি এছ গতিৰে পঞ্চম স্থানত আছে । ইয়াত দ্ৰুত গতিবেগে অনলাইন ষ্ট্ৰীমিং আৰু দূৰৱৰ্তী কামক অতি সুবিধাজনক কৰি তুলিছে ।

থাইলেণ্ড-

ইণ্টাৰনেটৰ ক্ষেত্ৰত থাইলেণ্ডে ২৩২.১৫ এম বি পি এছ গতিৰে যথেষ্ট অগ্ৰগতি লাভ কৰিছে । এই দেশখন প্ৰযুক্তিগত উন্নতি আৰু ডিজিটেলাইজেশ্যনৰ বাবে জনাজাত ।

ফ্ৰান্স-

ইউৰোপত ফ্ৰান্স দ্ৰুত ইন্টাৰনেট গতিৰ বাবে পৰিচিত । ২২৩.৭২ এম বি পি এছৰ গতিবেগে দেশখনক সপ্তম স্থানত ৰাখিছে ।

ডেনমাৰ্ক-

ডেনমাৰ্ক উচ্চ জীৱন ধাৰণৰ মানদণ্ড আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ বাবে পৰিচিত । এই দেশখন ২১৯.২৩ এম বি পি এছ গতিৰে অষ্টম স্থানত আছে ।

আইচলেণ্ড-

আইচলেণ্ডে ২১৩.৯৮ এম বি পি এছ গতিৰে নৱম স্থান লাভ কৰিছে । দেশখন ইয়াৰ আকাৰ সৰু আৰু নেটৱৰ্ক কভাৰেজৰ বাবে উৎকৃষ্ট ।

ইজৰাইল-

প্ৰযুক্তিগত উদ্ভাৱন আৰু ষ্টাৰ্টআপৰ বাবে বিখ্যাত ইজৰাইল ২০৬.৪২ এম বি পি এছ গতিৰে দশম স্থানত আছে ।