আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰক কঢ়িয়াই অনা স্পেচএক্স কেপচুল পৃথিৱীলৈ ৰাওনা হৈছে । বুধবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৩:২৭ বজাত পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ । আজি পুৱা আই এছ এছৰ পৰা আনডক কৰিলে সুনীত উইলিয়ামছ আৰু আন তিনিজন মহাকাশচাৰীয়ে । মহাকাশচাৰীসকলৰ এই যাত্ৰাত ১৭ ঘণ্টা সময় লাগিব । তেওঁলোকে ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব ।
এসপ্তাহৰ যাত্ৰা ন মাহলৈ পৰিণত হ’ল-
সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে ২০২৪ চনৰ ৫ জুনত নাছাৰ অভিযানৰ অংশ হিচাপে বয়িং মহাকাশযানেৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিছিল । মাত্ৰ এসপ্তাহৰ বাবে তেওঁলোক তালৈ গৈছিল যদিও মহাকাশযানখনৰ কাৰিকৰী বিজুতিৰ বাবে দুয়োজনেই পৃথিৱীলৈ ঘূৰি আহিব পৰা নাছিল । দুয়োৰে বাবে ১০ দিনীয়া মিছন ৯ মাহৰ ওপৰৰ অপেক্ষালৈ পৰিণত হ’ল ।
১৮ মাৰ্চৰ সন্ধিয়াৰ পূৰ্বানুমান কৰা অনুকূল পৰিস্থিতিৰ ভিত্তিত ক্ৰু-৯ৰ বাবে পূৰ্বৰ উভতি অহাৰ সুযোগ লক্ষ্য কৰি মিছন পৰিচালকে কাম কৰি আছে । ইতিমধ্যে চাৰিজন মহাকাশচাৰীক এৰি সুনীতা আৰু বুশ্বক নিবলৈ আই এছ এছত উপস্থিত হয় ড্ৰেগন ক্ৰাফ্টখন । ইফালে সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে মিছন সম্পৰ্কীয় তথ্য ভাগ-বতৰা কৰি তেওঁলোকৰ ঠাইত অহা চাৰিজন নতুন মহাকাশচাৰীক কেইবাটাও গুৰুত্বপূৰ্ণ কথা শিকাই ।
দুয়োজন যাত্ৰী ৯ মাহ পূৰ্বে এসপ্তাহৰ বাবে আই এছ এছলৈ গৈছিল যদিও তেওঁলোকৰ ষ্টাৰলাইনাৰ মহাকাশযানৰ বিজুতি ঘটিছিল আৰু তেওঁলোক তাত আবদ্ধ হৈ পৰিছিল । এতিয়া তেওঁলোকৰ উভতি অহাৰ বাবে ব্যৱহাৰ কৰা হৈছে SpaceX Dragon । নাছাৰ মহাকাশচাৰী নিক হেগ আৰু ৰস্কচমছৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভও ড্ৰেগন কেপচুলত ঘূৰি আহিব । নাছাৰ ষ্টিভ ষ্টিচে কয় যে বুশ্ব আৰু সুনীতাই এক ডাঙৰ কাম কৰিছে আৰু আমি তেওঁলোকক ঘূৰাই আনিবলৈ উৎসাহিত হৈছো ।