নাছাৰ দুই মহাকাশচাৰী বুশ্ব উইলম’ৰ আৰু সুনীতা উইলিয়ামছে ৯ মাহৰ দীৰ্ঘ অপেক্ষাৰ অন্তত মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহিবলৈ সাজু হৈছে । তেওঁলোকে যাত্ৰা কৰাৰ পূৰ্বে ১২ মাৰ্চৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত তেওঁলোকৰ প্ৰযোজনীয় সামগ্ৰী উপস্থিত হোৱালৈ অপেক্ষা কৰিব লাগিব । চলিত মাহৰ শেষৰ ফালে স্পেচএক্স কেপচুলত পৃথিৱীলৈ ৰাওনা হ’ব দুয়োজন মহাকাশচাৰী ।
উল্লেখযোগ্য যে নাছাৰ নিক হেগ আৰু ৰাছিয়াৰ মহাকাশ সংস্থাৰ আলেকজেণ্ডাৰ গৰ্বুনভ অহা ১২ মাৰ্চত আই এছ এছত উপস্থিত হ’ব । দুয়োটা দলে এসপ্তাহ একেলগে থাকিব, তাৰ পিছত উইলম’ৰ আৰু উইলিয়ামছে স্পেচএক্সৰ জৰিয়তে পৃথিৱীলৈ ৰাওনা হ’ব । নাছাই কয় যে দুয়োজনেই সুস্থ আৰু অভিযান সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।
২০২৩ চনত উইলম’ৰ আৰু উইলিয়ামছ আই এছ এছত উপস্থিত হয়-
২০২৩ চনৰ জুন মাহত বয়িঙৰ ষ্টাৰলাইনাৰ কেপচুলত উঠি উইলম’ৰ আৰু উইলিয়ামছ আই এছ এছত উপস্থিত হয় । এইটো আছিল বয়িঙৰ প্ৰথমটো মানৱ অভিযান, কিন্তু কাৰিকৰী ত্ৰুটিৰ বাবে নাছাই ইয়াক বিপজ্জনক বুলি বিবেচনা কৰি খালী কৰি ঘূৰাই পঠিয়াইছিল । ইয়াৰ পিছত তেওঁলোক উভতি অহা স্পেচএক্সৰ নতুন কেপচুলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল, যিটো পলম হৈছে । এতিয়া নাছাই পুৰণি স্পেচএক্স কেপচুল ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে ।