শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ শ্ৰীলংকাত উপস্থিত হয় । য’ত তেওঁ আজিৰ কিছু সময়ৰ পিছতে দ্বীপ ৰাষ্ট্ৰখনৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব ।
দ্বীপ ৰাষ্ট্ৰখনত উপস্থিত হোৱাৰ লগে লগে জয়শংকৰে এক্সত লিখে, “পুনৰ কলম্বোলৈ আহি ভাল লাগিছে । আজি শ্ৰীলংকাৰ নেতৃত্বৰ সৈতে মোৰ আলোচনাৰ বাবে উৎসুক হৈ আছোঁ ।” ইয়াৰ পূৰ্বে শুকুৰবাৰে পুৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায় শ্ৰীলংকাৰ বৈদেশিক সচিব অৰুনি উইজেৱাৰ্ডেনে ।

উল্লেখ্য যে, ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু সাগৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি জয়শংকৰে শ্ৰীলংকাত উপস্থিত হৈছে । তেওঁৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াও আছে ।
শ্ৰীলংকাত জয়শংকৰে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়াকে আৰু শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিণী অমৰাচুৰিয়াক সৌজন্যমূলক সাক্ষাৎ কৰিব ।
ইফালে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰালয়ে কয়, “ভ্ৰমণকাৰী ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু তেওঁৰ প্ৰতিনিধি দলটোৱে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথৰ সৈতেও বৈঠকত মিলিত হ’ব ।” যোৱা মাহত শ্ৰীলংকাৰ নৱম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত এয়াই দেশখনলৈ ভাৰতৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ ।