ছিৰিয়াৰ নতুন চৰকাৰৰ নিৰাপত্তা বাহিনী আৰু ক্ষমতাচ্যুত শাসক বাছাৰ আল-আসাদৰ অনুগত উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে।
চিৰিয়াৰ নতুন চৰকাৰৰ পক্ষ লোৱা যুঁজাৰুসকলে দেশখনৰ উপকূলৰ ওচৰৰ কেইবাখনো গাঁৱত আক্ৰমণ চলাইছিল, যিটো শেহতীয়াকৈ প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰ আসাদৰ অনুগতসকলৰ দ্বাৰা চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ আছিল। য’ত বহুলোক নিহত হৈছে।
বৃহস্পতিবাৰে হোৱা আক্ৰমণ শুক্ৰবাৰ লৈকে অব্যাহত আছিল। ডিচেম্বৰৰ আৰম্ভণিতে ইছলামবাদী গোট হায়াত তাহৰিৰ আল-শ্বামৰ নেতৃত্বত বিদ্ৰোহী গোটসমূহৰ দ্বাৰা আসাদ চৰকাৰ উৎখাত হোৱাৰ পিছত দুয়োপক্ষৰ মাজত চলি থকা সংঘৰ্ষই অতি হিংসাত্মক ঘটনা বুলি চিহ্নিত কৰিছে। নতুন চৰকাৰে ১৪ বছৰৰ গৃহযুদ্ধৰ পিছত চিৰিয়াক একত্ৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছে।
ব্ৰিটেইন স্থিত চিৰিয়ান অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছৰ তথ্য অনুসৰি যুঁজ আৰম্ভ হোৱাৰ পিছত ২০০ ৰো অধিক লোক নিহত হৈছে।
২০১১ চনৰ মাৰ্চমাহৰ পৰা চিৰিয়াত চলি থকা গৃহযুদ্ধৰ ফলত আধা নিযুতৰো অধিক লোক নিহত হৈছে আৰু লাখ লাখ লোক স্থানচ্যুত হৈছে।
শেহতীয়া সংঘৰ্ষটো তেতিয়া আৰম্ভ হৈছিল যেতিয়া চৰকাৰী বাহিনীয়ে বৃহস্পতিবাৰে উপকূলীয় চহৰ জাবলেহৰ ওচৰত এজন ব্যক্তিক আটক কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়তে আসাদৰ অনুগতসকলে তেওঁলোকক আক্ৰমণ কৰিছিল।