পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে দ্বিতীয়খন টেষ্ট । মেচখনত নিউজীলেণ্ডে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয় । অধিনায়ক ৰোহিত শৰ্মাই মেচখনৰ বাবে টিম ইণ্ডিয়াৰ মূল একাদশত তিনিটা সালসলনি কৰিছে । কে এল ৰাহুল, মহম্মদ চিৰাজ আৰু কুলদীপ যাদৱৰ ৰূপত তিনিটা পৰিৱৰ্তন ঘটিল ভাৰতীয় দলত । এই তিনিজনৰ ঠাইত আকাশ দীপ, শুভমন গীল আৰু ৱাশ্বিংটন সুন্দৰক মূল একাদশত স্থান দিয়া হৈছে ।
একে সময়তে নিউজীলেণ্ডেও মূল একাদশত পৰিৱৰ্তন ঘটাই খেলপথাৰত নামিছে । সামান্য আঘাতৰ বাবে মূল একাদশৰ পৰা বাহিৰ হয় বেগী বলাৰ মেট হেনৰী । হেনৰীৰ ঠাইত স্পীনাৰ মিচেল ছেণ্টনাৰক মূল একাদশত অন্তৰ্ভুক্ত কৰা হৈছে । পিটছলৈ লক্ষ্য ৰাখি দুয়োটা দলে বলিং আক্ৰমণত যিমান পাৰি সিমান স্পীনাৰ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে । পুনেৰ পিটচ যথেষ্ট শুকান যেন লাগে, য’ত স্পীনাৰসকলে ভাল সহায় পাব পাৰে ।
টছৰ পিছত নিউজীলেণ্ডৰ অধিনায়কে কি ক’লে ?
নিউজীলেণ্ডৰ অধিনায়ক টম লাথামে টছত জয়ী হোৱাৰ পিছত কয়, ” যোৱা সপ্তাহৰ তুলনাত পৰিস্থিতি বহুত বেলেগ । বেছি ঘাঁহ নাই । এই পৰিস্থিতিত আমি আশা কৰা ধৰণে স্পীন হব পাৰে । নিশ্চিতভাৱে এই দলটোৰ বাবে এইটো সঁচাকৈয়ে গৌৰৱান্বিত মুহূৰ্ত । আমি ইয়াক উদযাপন কৰিছিলো কিন্তু সোনকালেই আমাৰ মনোযোগ পুনেলৈ স্থানান্তৰিত হৈছিল । এইটো কেৱল এই পৃষ্ঠৰ সৈতে খাপ খোৱাৰ বিষয়ে । আমি যোৱা সপ্তাহত গঢ়ি উলিওৱা আত্মবিশ্বাস পুনৰ প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰি আছোঁ ।”
টছৰ পিছত ভাৰতীয় অধিনায়কে কি ক’লে ?
টছৰ পিছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই কয়, “যেতিয়া আপুনি এনেধৰণৰ টেষ্ট মেচ খেলে, প্ৰথম চেছনটো আমাৰ পক্ষত নাযায় । আমি ইয়াৰ পৰা বহুতো ইতিবাচক দিশ লওঁ আৰু চাওঁ যে আমি ইয়াত বস্তুবোৰ কেনেদৰে ঘূৰাই দিব পাৰোঁ । যেতিয়া আপুনি পিছ পৰি থাকে, সদায়ে টেষ্ট মেচত উভতি অহাৰ উপায় বিচাৰে । আমি সেয়াই কৰিছিলোঁ । পিটচটো অলপ শুকান । আমি বুজি পাওঁ যে প্ৰথম ১০ অভাৰ ইয়াত কিমান গুৰুত্বপূৰ্ণ হ’ব ।”
পুনে টেষ্টৰ বাবে ভাৰতৰ মূল একাদশ-
যশস্বী জয়ছোৱাল, ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, ঋষভ পন্ত (উইকেটকীপাৰ), ছৰফৰাজ খান, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, ৰবিচন্দ্ৰন অশ্বিন, আকাশ দীপ, জশপ্ৰীত বুমৰাহ ।