সাথ নিভানা সাথিয়া খ্যাত দেৱলীনা ভট্টাচাৰ্জীয়ে ৩৯ বছৰ বয়সত এটা পুত্ৰ সন্তান জন্ম দিছে।অৱশেষত মাতৃ হ’ল অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্জী।দেৱলীনাই নিজেই এই ভাল খবৰটো তেওঁৰ অনুৰাগীসকলৰ সৈতে ভাগ বতৰা কৰিছে।
অভিনেত্ৰীগৰাকীয়ে তেওঁৰ পুত্ৰৰ এটা চমু ক্লিপ শ্বেয়াৰ কৰি আদৰণি জনাইছিল আৰু তেওঁৰ অনুৰাগীসকলক কৈছিল যে তেওঁ কিমান সুখী। অনুৰাগীসকলও এই খবৰটোত আনন্দিত হোৱাৰ লগতে দম্পতীহালক মৰম দিছে।

তেওঁলোকে এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছিল, ‘১৮ ডিচেম্বৰত আমাৰ আনন্দৰ দিন, আমাৰ সন্তানৰ আগমনৰ কথা ঘোষণা কৰি উৎসাহিত হৈছো।’
ভিডিঅ’টোৰ শিৰোনামটোত লিখা আছে, ‘হেলো ৱৰ্ল্ড! আমাৰ দেৱদূত ল’ৰা সন্তানটি ইয়ালৈ আহিল … 18/12/2024.’
দেৱলীনাই ১৫ আগষ্টত এক আৱেগিক পোষ্টৰ সৈতে তেওঁৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। অভিনেত্ৰীগৰাকীয়ে ২০২২ চনৰ ডিচেম্বৰত তেওঁৰ জিম প্ৰশিক্ষক তথা প্ৰেমিক শ্বানাৱাজ শ্বেখৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।
গৰ্ভধাৰণৰ সময়চোৱাৰ সকলো নীতি-নিয়মৰ ফটো অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰিছিল।খবৰটো পোৱাৰ পিছতেই বহু তাৰকাই তেওঁলোকক অভিনন্দন জনাইছে।