৫ সমষ্টিৰ নিৰ্বাচনক লৈ তুংগত আছে নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰৰ বাবে দৰঙৰ দলগাঁৱৰ অন্তৰ্গত বৰঝাৰত উপস্থিত হ’ল প্ৰাক্তন বিধায়ক তথা ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতি শিলাদিত্য দেৱ | ৫ সমষ্টিৰ উপ নির্বাচনক লৈ এইবাৰ গুৰুত্বপূর্ণ মন্তব্য বিজেপি নেতাগৰাকীৰ।
৫ টা সমষ্টিতেই বিপুল সংখ্যক ভোটেৰে বিজেপি জয়ী হোৱাৰ কথা ঘোষণা শিলাদিত্য দেৱৰ। আনহাতে, চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ প্রশ্নৰ সন্দর্ভত ধুবুৰীৰ সাংসদ ৰকিবুল হুচেইনৰ বিৰুদ্ধে হঠাৎ সৰৱ নেতাগৰাকী | ৰকিবুলৰ স্বেচ্ছাচাৰিতা, গুণ্ডাৰাজৰ বিৰুদ্ধে চামগুৰি বাসী ৰাইজে এইবাৰ ভোটদান কৰিব বুলি মন্তব্য শিলাদিত্যৰ |
আনহাতে, পৰাজয়ৰ উমান পাই EVM বিকল হোৱা বুলি ৰকিবুলে আবোল- তাবোল বকা বুলি মন্তব্য নেতাগৰাকীৰ |ৰকিবুলৰ ২২ বছৰীয়া অপশাসন এইবাৰ চামগুৰি বাসী ৰাইজে ওফৰাই পেলাব বুলি কয় শিলাদিত্য দেৱে৷ পুত্রক বিধায়ক বনোৱা ৰকিবুলৰ সপোন কোনোদিনে পূৰণ নহয় বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে |
আনহাতে, চামগুৰিত এইবাৰ AIUDF- এ ভতিজা তাঞ্জিলৰ জয়ৰ স্বাৰ্থত প্রার্থী প্রক্ষেপ নকৰাত শিলাদিত্য দেৱে কয় যে- “চামগুৰিত AIUDF এ প্রার্থী দিলে ভোট বিভাজন হৈ BJP জিকি আহিব বুলি ভাবিয়েই লজ্জাৰ ভয়ত প্রার্থী দিয়া নাই আজমলে”| এই নির্বাচনত AIUDF ৰ প্রতিজন কাৰ্যকৰ্তাই BJP ৰ পক্ষত ভোটদান কৰিব বুলি মন্তব্য নেতাগৰাকীৰ।