ভাৰতীয় ক্ৰিকেট দলটোৱে পাৰ্থ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইতিহাস সৃষ্টি কৰি ২৯৫ ৰানত বিজয় সাব্যস্ত কৰে । অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতীয় দলৰ এইটোৱেই আছিল সৰ্ববৃহৎ টেষ্ট জয় । এই জয়েৰে ভাৰতীয় দলটোৱে পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । এতিয়া দুয়োটা দলৰ মাজত দ্বিতীয়খন টেষ্ট ৬ ডিচেম্বৰৰ পৰা এডিলেইড অ’ভেলত অনুষ্ঠিত হ’ব ।
গুলপীয়া বলৰ সৈতে অনুশীলন কৰি আছে টিম ইণ্ডিয়াই-
যিহেতু এডিলেইড টেষ্ট মেচ গুলপীয়া বলৰে খেলিব লাগিব, সেয়েহে এতিয়া ভাৰতীয় দলটোৱে গুলপীয়া বলৰ সৈতে কঠোৰ অনুশীলন কৰি আছে । ইয়াৰ মাজদতে ভাৰতীয় দলটোৱে ৩০ জানুৱাৰীৰ পৰা মানুকা অভেলত প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে গুলপীয়া বলৰ সৈতে দুদিনীয়া অনুশীলন মেচো খেলিব । ইফালে, দ্বিতীয় টেষ্টৰ পূৰ্বে ভাৰতীয় দলটোৰ বাবে এক ভাল খবৰ ওলাইছে ।
পাৰ্থ টেষ্টত দলৰ বাহিৰত থকা তাৰকা বেটছমেন শুভমন গীলে অনুশীলন আৰম্ভ কৰিছে । পাৰ্থ টেষ্টৰ পূৰ্বে ইণ্ডিয়া এ-ৰ বিৰুদ্ধে অনুশীলন মেচত শুভমনে বাওঁহাতৰ বুঢ়া আঙুলিত আঘাত পাইছিল । শুভমনে ২৯ নৱেম্বৰত (শুকুৰবাৰ) মানুকা অ’ভেলত বৰষুণৰ মাজতে অনুশীলন কৰিছিল । তেওঁ প্ৰথমে থ্ৰ’ডাউনৰ সন্মুখীন হৈছিল । প্ৰায় আধা ঘণ্টাৰ পাছত নেটত প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ আৰু যশ দয়ালৰ মুখামুখি হৈছিল তেওঁ ।
এতিয়া শুভমন গীল দ্বিতীয় টেষ্টত বাছনিৰ বাবে উপলব্ধ হ’ব বুলি আশা কৰা হৈছে । যদি গীলে দ্বিতীয় টেষ্টত খেলে, কে এল ৰাহুলে তললৈ মিডল অৰ্ডাৰত বেটিং কৰিব লাগিব । ৰাহুলে পাৰ্থ টেষ্টত অপেনিং, কিন্তু ৰোহিত শৰ্মা উভতি অহাৰ পিছত, তেওঁৰ বাবে অপেনিং শ্লট আৰু উপলব্ধ হৈ থকা নাই ।
২৯ নৱেম্বৰত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাইও নেটত অনুশীলন কৰিছিল । ব্যক্তিগত কাৰণত প্ৰথম টেষ্টৰ পৰা বাহিৰ হৈছিল ৰোহিত । মানুকা অ’ভেলত প্ৰথমে নেটত প্ৰৱেশ কৰে ৰোহিতে । তাৰ পাছত যশস্বী জয়ছোৱাল আৰু বিৰাট কোহলীও আহিল । অৱশ্যে যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ আৰু হৰ্ষিত ৰাণাই নেটত বল কৰা নাছিল ।
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, অভিমন্যু ইশ্বৰন, শুভমন গীল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পন্ট (উইকেটকীপাৰ), ছৰফৰাজ খান, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ),ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা, মহম্মদ চিৰাজ, আকাশ দীপ, প্ৰসিদ্ধ কৃষ্ণ, হৰ্ষিত ৰাণা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, দেৱদত্ত পাদিক্কল ।