ইৰাণ সন্দৰ্ভত এটা ডাঙৰ বিবৃতি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ স্পষ্ট ভাবুকি দিছে যে যদি ইৰাণে এই পাৰমাণৱিক চুক্তিত সন্মতি নিদিয়ে তেন্তে বোমা বৰ্ষণ কৰা হ’ব । আগ্ৰাসী শুল্ক নীতিৰ বাবে অহৰহ চৰ্চাত থকা ট্ৰাম্পে ইৰাণৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথাও সকীয়াই দিছে । ট্ৰাম্পে এক সাক্ষাৎকাৰৰ সময়ত কয় যে আমেৰিকা আৰু ইৰাণৰ বিষয়াসকলৰ মাজত আলোচনা চলি আছে যদিও এই মুহূৰ্তত তেওঁ এই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰিব নোৱাৰে ।
প্ৰথম কাৰ্যকালতো অতিৰিক্ত শুল্ক আৰোপ কৰিছিল-
ট্ৰাম্পে কয় যে যদি ইৰাণে আমেৰিকাৰ সৈতে চুক্তি নকৰে তেন্তে বোমা বৰ্ষণ কৰা হ’ব । ইয়াৰ উপৰিও যদি তেওঁলোকে এই চুক্তি নাকচ কৰে তেন্তে আমেৰিকাই ইৰাণৰ ওপৰত গৌণ শুল্ক অৰ্থাৎ অতিৰিক্ত চাৰ্জ আৰোপ কৰাৰ সম্ভাৱনা আছে । ট্ৰাম্পে কয় যে তেওঁ চাৰি বছৰ পূৰ্বেও একে কাম কৰিছিল ।
উল্লেখ্য যে তেওঁৰ প্ৰথম কাৰ্যকালত (২০১৭-২০২১) ট্ৰাম্পে ইৰাণৰ বিতৰ্কিত পাৰমাণৱিক কাৰ্যকলাপৰ বাবে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল । ২০১৫ চনত ইৰাণ আৰু বিশ্ব শক্তিৰ মাজত হোৱা চুক্তিৰ পৰা তেওঁ আমেৰিকাক প্ৰত্যাহাৰ কৰিছিল ।
ইৰাণৰ বিৰুদ্ধে ইউৰেনিয়াম সমৃদ্ধ কৰাৰ অভিযোগ উত্থাপন হৈছিল । তেনে কৰাৰ বাবে ট্ৰাম্পে ব্যাপক নিষেধাজ্ঞাৰ কথা ঘোষণা কৰিছিল । ইয়াৰ পূৰ্বে ট্ৰাম্পে ইৰাণে চুক্তিত উপনীত নহ’লে সামৰিক পৰিণতিৰ বিষয়ে সকীয়াই দিছিল । উল্লেখযোগ্য যে ইৰাণে এতিয়ালৈকে আমেৰিকাৰ সতৰ্কবাণীক আওকাণ কৰি আহিছে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰাণলৈ পত্ৰ প্ৰেৰণ কৰে-
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচিৰ উদ্ধৃতিৰে এক বিবৃতি প্ৰকাশ কৰা হয় । ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই প্ৰকাশ কৰা অনুসৰি, এই পত্ৰৰ উত্তৰ পশ্চিম এছিয়াৰ আন এখন দেশ ওমানৰ জৰিয়তে ট্ৰাম্পলৈ প্ৰেৰণ কৰা হৈছে । এই পত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰাণক নতুন পাৰমাণৱিক চুক্তিত সন্মতি দিবলৈ আবেদন জনাইছিল ।