সমগ্ৰ বিশ্বতে ক্ৰমাৎ বৃদ্ধি পোৱা পানীৰ সংকট খাদ্য উৎপাদনৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে । এক প্ৰতিবেদনত দাবী কৰা হৈছে যে যদিহে ইয়াক নিয়ন্ত্ৰণ কৰা নহয় তেন্তে ২০৫০ চনৰ ভিতৰত বিশ্বৰ জি ডি পি আঠ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে । কম আয়ৰ দেশসমূহৰ জি ডি পি ১৫ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।
আন্তঃৰাষ্ট্ৰীয় গোট গ্ল’বেল কমিছন অন দ্য ইকনমিক্স অৱ ৱাটাৰৰ প্ৰতিবেদন অনুসৰি দুৰ্বল অৰ্থনৈতিক ব্যৱস্থা, ভূমি ব্যৱহাৰ বৃদ্ধি, জলসম্পদৰ দুৰ্বল ব্যৱস্থাপনা আৰু জলবায়ু সংকটে বিশ্বজুৰি জল সংকটৰ সৃষ্টি কৰিছে । ইয়াৰ বাবে ২০৫০ চনৰ ভিতৰত বিশ্বৰ আধাতকৈ অধিক খাদ্য উৎপাদন বিপদত পৰিব । ইয়াৰ ফলত অৰ্থনৈতিক পৰিণতিও ডাঙৰ হ’ব পাৰে । প্ৰতিবেদনত কোৱা হৈছে যে প্ৰায় তিনি বিলিয়ন লোক আৰু খাদ্য উৎপাদনৰ আধাতকৈও অধিক এনে অঞ্চলত আছে য’ত পানী হয় শুকাই গৈছে নহয় শুকাই যোৱাৰ উপক্ৰম হৈছে । বহু চহৰ ভূগৰ্ভস্থ পানীৰ নাটনিৰ সন্মুখীন হৈছে ।
পটচডাম ইনষ্টিটিউট ফৰ ক্লাইমেট ইমপেক্ট ৰিচাৰ্ছৰ সঞ্চালক জোহান ৰকষ্ট্ৰোমে কয় যে বিশ্বৰ আধাতকৈও অধিক লোকে পানীৰ অভাৱৰ সন্মুখীন হৈছে । পানীৰ উপলব্ধতা হ্ৰাস হোৱাৰ সৈতে, খাদ্য সুৰক্ষা আৰু মানৱ বিকাশ ক্ৰমান্বয়ে বিপদত পৰিছে । ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বব্যাপী জল চক্ৰ ভাৰসাম্যহীন হৈ পৰিছে । জলবায়ু পৰিৱৰ্তন আৰু বৰ্ধিত ভূমিৰ ব্যৱহাৰে মানৱ অস্তিত্বৰ ভেটি দুৰ্বল কৰি তুলিছে । পানী ব্যৱস্থাপনাৰ বাবে পৰিৱেশ ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰচেষ্টা বিফল হৈছে ।
বিশ্ব বাণিজ্য সংস্থাৰ সঞ্চালক প্ৰধান আৰু আয়োগৰ উপ-অধ্যক্ষ নগজি ওকঞ্জো-ইৱেলাই কয় যে বিশ্বব্যাপী পানীৰ সংকট এক ট্ৰেজেদী, কিন্তু ই পানীৰ অৰ্থনীতিৰ পৰিৱৰ্তনৰ সুযোগো প্ৰদান কৰে । আমি পানীৰ পৰা পোৱা লাভালাভ সমূহ চিনাক্ত কৰিবলৈ ইয়াক সঠিকভাৱে মূল্যাংকন কৰি আৰম্ভ কৰা উচিত ।