ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ষ্ট্ৰীট ফুড হৈছে পানীপুৰী অথবা ফুচকা । মচলাযুক্ত পানী আৰু চটপটী পুৰীৰ সোৱাদ নোলোৱা মানুহ হয়তো কমেইহে ওলাব । শেহতীয়াকৈ এগৰাকী পানীপুৰী বিক্ৰেতা তেওঁৰ সুস্বাদু ব্যঞ্জনতকৈ আন এক কাৰণতহে বাতৰিৰ শিৰোনাম দখল কৰিছে । ইয়াৰ কাৰণ হৈছে জি এছ টিৰ জাননী ।
ভাৰতত ডিজিটেল পেমেণ্টৰ ক্ৰমবৰ্ধমান ধাৰাই ক্ষুদ্ৰ ব্যৱসায়ীসকলক আনুষ্ঠানিক অৰ্থনীতিলৈ আনিছে । এই কাৰণেই তামিলনাডুৰ এগৰাকী পানীপুৰী বিক্ৰেতাই লাভ কৰিছে জি এছ টিৰ জাননী । এই বিষয়টোৱে ছ’চিয়েল মিডিয়াত নতুন বিতৰ্কৰ সূচনা কৰিছে ।
তামিলনাডুৰ ঘটনা-
দৰাচলতে তামিলনাডুৰ এজন পানীপুৰী বিক্ৰেতাই অনলাইন পেমেণ্টৰ জৰিয়তে ৪০ লাখ টকা উপাৰ্জন কৰিছিল । ডিজিটেল লেনদেনৰ জৰিয়তে তেওঁৰ আয় ৪০ লাখ টকা হোৱাৰ বাবেই জি এছ টিৰ জাননী লাভ কৰিছে তেওঁ । এই জাননীখন ২০২৪ চনৰ ১৭ ডিচেম্বৰত জাৰি কৰা হৈছে আৰু বিগত তিনি বছৰৰ লেনদেনৰ সবিশেষ বিচাৰিছে ।
ইমান বৃহৎ পৰিমাণ কেনেকৈ দৃষ্টিগোচৰ হ’ল ?
যোৱা কেইবছৰমানৰ পৰা ইউ পি আই আৰু ডিজিটেল পেমেণ্ট প্লেটফৰ্ম যেনে ফোনপে আৰু ৰোজৰপেৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । পৰম্পৰাগতভাৱে নগদ ধন পৰিশোধৰ ওপৰত নিৰ্ভৰশীল ক্ষুদ্ৰ বিক্ৰেতাসকলে এতিয়া ডিজিটেল মাধ্যম গ্ৰহণ কৰিছে । এই বিক্ৰেতাজনেও নিজৰ পানীপুৰী বিক্ৰীৰ বাবে ডিজিটেল পেমেণ্ট গ্ৰহণ কৰিছে আৰু ২০২৩-২৪ চনত তেওঁৰ আয় ৪০ লাখ টকালৈ বৃদ্ধি পাইছে, যাৰ ফলত তেওঁ কৰ বিভাগৰ ৰাডাৰৰ আওতালৈ আহিছে ।