আজিৰে পৰা ৰূপায়ণ হ’ল জি এছ টি ২.০; সস্তা হ’ব দৈনিক ব্যৱহাৰৰ বহু সামগ্ৰী
আজিৰে পৰা ৰূপায়ণ হ’ল জি এছ টি ২.০
দেশত জি এছ টি ২.০ ৰূপায়ণ কৰা হৈছে আৰু আজি নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা নিত্য নৈমিত্ৰ বহু সামগ্ৰীৰ দাম হ্ৰাস পাইছে,যিবোৰ দেশৰ সাধাৰণ মানুহে প্ৰতিদিনে ক্ৰয় কৰে।
ইয়াৰ ভিতৰত গাখীৰ, ৰুটি, ঘিউ আৰু পনিৰ আদি উল্লেখযোগ্য। দেওবাৰৰ পৰা জি এছ টি সংস্কাৰ কাৰ্যকৰী হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক সঞ্চয় উৎসৱৰ আৰম্ভণি বুলি অভিহিত কৰিছিল আৰু কৈছিল যে ইয়াৰ দ্বাৰা দুখীয়াৰ পৰা মধ্যবিত্ত শ্ৰেণীলৈকে সকলোৰে ধন ৰাহি হ’ব। উৎসৱৰ ঠিক আগতে চৰকাৰৰ এই উপহাৰে সকাহ দিব,কাৰণ এতিয়া দৈনিক ব্যৱহাৰৰ সামগ্ৰী সস্তা হৈ পৰিব।
প্ৰতিদিনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেশৰ মানুহে গাখীৰ আৰু ৰুটিৰ পৰা আৰম্ভ কৰি আটা, দালি আৰু শাক-পাচলিলৈকে সকলো ক্ৰয় কৰে।
কিন্তু আজিৰ পৰা এইবোৰ ক্ৰয় কৰি পকেটত বহুত টকা ৰাহি কৰিব পাৰিব,কাৰণ চৰকাৰে নতুন নতুন জি এছ টি সংস্কাৰ ৰূপায়ণ কৰিছে আৰু দৈনন্দিন সামগ্ৰীৰ প্ৰায় ৯৯% দাম কমিছে।
আগতে গাখীৰ আৰু শাক-পাচলিৰ ওপৰত জি এছ টিৰ হাৰ প্ৰযোজ্য নাছিল আৰু এতিয়াও আৰোপ কৰা হোৱা নাই।আমুলৰ পৰা মাদাৰ ডেইৰীলৈকে ইয়াৰ মূল্য হ্ৰাস কৰা হৈছে, যিটো ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে।গাখীৰৰ সমান্তৰালকৈ পানীৰ ১২% জি এছ টিও এতিয়া বিলুপ্ত কৰা হৈছে।আৰু ইয়াক শূন্য জি এছ টি স্লেবত অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰতিদিনে পাকঘৰত ব্যৱহাৰ কৰা দুগ্ধজাত সামগ্ৰীৰ ভিতৰত মাখনো গুৰুত্বপূৰ্ণ, যিটো সোমবাৰৰ পৰা সস্তা হৈ পৰিছে।
দৈনন্দিন সামগ্ৰীৰ তালিকাত তেল, চেম্পু, চাবোন আদি সামগ্ৰীও সন্নিবিষ্ট কৰা হৈছে।এইবোৰৰ ওপৰত কৰ ১৮%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হৈছে।
দেওবাৰে জি এছ টি সংস্কাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণত কৈছিল যে উৎসৱৰ আগতেও দেশবাসীৰ মুখ মিঠা হৈ পৰিব।এনে পৰিস্থিতিত চকলেট আৰু মিঠাইৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে।
লগতে পঢ়ক: GST কৰ্তনৰ অধিসূচনা জাৰি; ২২ ছেপ্টেম্বৰৰ পৰা সস্তা হ’ব এইবোৰ বস্তু