সকলো মানুহৰেই হাঁহিটোৱে তেওঁলোকৰ সৌন্দৰ্য। কিন্তু যদি আপোনাৰ দাঁতৰ ৰং হালধীয়া হৈ থাকে আৰু যদি দাতত পোকে ধৰে, তেনেহ’লে ই আপোনাৰ হাঁহি আৰু আপোনাৰ ব্যক্তিত্বও নষ্ট কৰিব পাৰে।যেতিয়া দাঁতত পোকে ধৰে তেতিয়া দাঁতটো ক’লা হোৱাৰ লগতে সৰু গাঁত হয়।এই বীজাণুৱে দাঁতৰ বহু ক্ষত দাঁতত জমা হোৱা বীজাণুৰ বাবে দাঁতৰ বিষ অনুভৱ হয় তেতিয়া চিকিৎসক পৰামৰ্শ লোৱা যায়। কিন্তু এই ৰোগৰ কিছুমান ঘৰুৱা প্ৰতিকাৰো আছে যাৰ দ্বাৰা আপুনি দাঁতৰ বীজাণুৰ পৰা পৰিত্ৰাণ পাব পাৰে। দাঁতৰ এই সমস্যাটোৰ চিকিৎসা সকলোৰে পাকঘৰতেই আছে।
এই উপায়সমূহ হৈছে—
নহৰু- আপোনাৰ পাকঘৰত থকা নহৰুৱে কেৱল খাদ্যৰ সোৱাদ বঢ়োৱাই নহয় স্বাস্থ্যৰ বাবেও ই যথেষ্ট উপকাৰী।নহৰুক বিভিন্ন ধৰণৰ ব্যঞ্জনৰ বাবে ব্যৱহাৰ কৰা হয়।
নহৰুত থকা এণ্টি-ফাংগাল আৰু এণ্টি-বেক্টেৰিয়াগুণে এক উৎকৃষ্ট পেইনকিলাৰ হিচাপে কাম যি দাঁতৰ বিষ আৰু কৃমিৰ পৰা সকাহ দিব পাৰে। আপুনি ইয়াক কেঁচাকৈ খাব পাৰে।
নেমু- দাঁতৰ পোক আঁতৰ কৰাত নেমুৱে সহায় কৰে।নেমুক ভিটামিন-চি-ৰে সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়। ইয়াত থকা এচিডে দাঁতৰ বীজাণু ধ্বংস কৰি বিষ হ্ৰাস কৰাত সহায় কৰে।
নেমুৰ এটা টুকুৰা মুখত ভৰাই ইয়াক চোবাওক আৰু তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই দিয়ক। ই বিষৰ লগতে দাঁতৰ পোকৰ পৰাও উপশম কৰিব পাৰে।
নিমখপানী-
নিমখে যিকোনো খাদ্যৰ সোৱাদ দিয়াত বা সেই খাদ্য নষ্ট কৰাত নিমখে কাম কৰে। দাঁতৰ পোক আৰু বিষত নিমখপানী আপোনাৰ বাবে যথেষ্ট কামত আহিব পাৰে।
ই আপোনাৰ মুখখন বেক্টেৰিয়াৰ পৰা মুক্ত ৰাখে আৰু দাঁতত লাগি থকা ক’লা ৰং আঁতৰ কৰে।নিমখপানীয়ে আমাৰ মুখৰ পৰা এচিড আঁতৰাই মুখৰ পিএইচ স্তৰ স্বাভাৱিক কৰিব পাৰে।
(পৰামৰ্শ সহ এই সমলটোৱে কেৱল সাধাৰণ তথ্য প্ৰদান কৰে। এইটো কোনো প্ৰকাৰে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়। অধিক তথ্যৰ বাবে সদায়ে বিশেষজ্ঞ বা আপোনাৰ নিজৰ চিকিৎসকৰ পৰামৰ্শ ল’ব।)