যদিও ভাৰত আৰু পাকিস্তানৰ মাজত সীমা অথবা বৰ্ডাৰ নিৰ্মাণ কৰা হৈছে, কিন্তু দুয়োখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত হৃদয়ৰ সম্পৰ্ক শক্তিশালী হৈ আহি আছে । ইযাৰ মাজতে জৌনপুৰ চহৰতো একে ধৰণৰ ঘটনা দেখা গৈছে, য’ত প্ৰথমতে পাকিস্তানৰ লাহোৰত এজন বিজেপি নেতাৰ পুত্ৰৰ বিবাহ ঠিক হৈছিল, কিন্তু ভিছা সমস্যাৰ বাবে, অৱশেষত শুকুৰবাৰে নিশা দুয়োখন দেশৰ মৌলবীয়ে অনলাইনযোগে বিবাহ সম্পন্ন কৰে ।
দৰাৰ ঘৰত বিবাহৰ অতিথি হিচাপে শ শ লোক সমবেত হৈছিল । একেদৰে, পাকিস্তানৰ লাহোৰ চহৰত, বিয়াৰ বাবে কইনাৰ ঘৰতো মানুহ গোট খাইছিল । দুয়োৰে অনলাইন বিবাহৰ পিছত, এতিয়া পাকিস্তানৰ পৰা দৰাৰ ঘৰলৈ আহিবলৈ কইনাৰ ভিছাৰ বাবে অপেক্ষা কৰি আছে দৰাই ।
ভিছা নোপোৱাৰ বাবে হ’ল অনলাইন বিবাহ-
এবছৰৰ পূৰ্বে মাখদুমশ্বাহ আধনৰ বাসিন্দা তথা বিজেপি সদস্য তেহছিন শ্বাহিদে পাকিস্তানৰ লাহোৰ চহৰৰ বাসিন্দা আন্দলিপ জাহৰাৰ সৈতে ডাঙৰ পুত্ৰ মহম্মদ আব্বাছ হাইদৰৰ বিবাহ ঠিক কৰিছিল । বিয়াৰ বাবে উচ্চায়ুক্তৰ ওচৰত ভিছাৰ বাবে আবেদন কৰিছিল । বিয়াৰ দিন ওচৰ চাপি অহাৰ লগে লগে ভিছা নিদিয়াৰ বাবে তেওঁলোকৰ উদ্বিগ্নতা বৃদ্ধি পাইছিল ।
এই সময়ছোৱাতে পাকিস্তানত যুৱতীগৰাকীৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক চিকিৎসালয়ত আই চি ইউত ভৰ্তি কৰোৱা হয় । এনে অৱস্থাত বিজেপি নেতা তেহছিন শ্বাহিদে লাহোৰত ফোনযোগে কথা পাতি বিয়াখন অনলাইনত সম্পন্ন কৰাৰ সিদ্ধান্ত লয় আৰু অৱশেষত শুকুৰবাৰে নিশা তেহছিন শ্বাহিদে শ শ অতিথিৰ সৈতে ইমাম্বৰা কল্লু মাৰহুমত উপস্থিত হয় অতিথি আৰু টিভিৰ পৰ্দাত সকলোৰে সন্মুখত অনলাইন বিবাহ সম্পন্ন কৰে ।
শীঘ্ৰে ভিছা প্ৰদানৰ আহ্বান-
ইফালে বিবাহৰ পিছত দ্ৰুততাৰে ভিছা প্ৰদান কৰাৰ বাবে আবেদন জনাইছে, দৰা মহম্মদ আব্বাছ হায়দৰে । আনহাতে জিলাখনৰ সন্মানীয় নাগৰিকসকলৰ সৈতে এই বিবাহ অনুষ্ঠানত বিজেপি বিধায়ক ব্ৰজেশ সিং প্ৰিশুও উপস্থিত আছিল, যিসকলে দৰাৰ দেউতাকক বিবাহৰ বাবে অভিনন্দন জনাইছিল ।