পুনৰ আক্ৰমণৰ লক্ষ্য হ’ল পাকিস্তানী সেনা। এইবাৰ পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পাখতুনখোৱা প্ৰদেশত আত্মঘাটী বোমা বিস্ফোৰণ সংঘটিত হৈছে। এজন আত্মঘাতি বোমাৰুৱে এখন বিস্ফোৰক ভৰ্তি বাহনে আৰক্ষীৰ চেকিং পোষ্টত খুন্দা মাৰে।
যাৰ ফলত ১২ জনকৈ পাৰিস্তানী সেনা নিহত হয়। জানিব পৰা মতে সন্ত্ৰাসবাদীৰ দলটোৱে মঙলবাৰে নিশা প্ৰায় ২ মান বজাত বন্নু জিলাৰ মালীখেলত থকা আৰক্ষীৰ এটা চেকিং পোষ্টত আক্ৰমণ চলাই।সন্ত্ৰাসবাদীৰ দলটোৱে বিস্ফোৰক ভৰ্তি বাহনখন এখন দেৱালত খুন্দামাৰি দিয়ে।
যাৰ ফলত ২গৰাকী কনিষ্টবল সহ ১২ গৰাকী আৰক্ষীৰ থিতাতে নিহত হয়। তাৰ পিছতেই সন্ত্ৰাসবাদী দলটোয়ে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ গুলীয়াগুলীৰ ফলত ৬ জন আতংকবাদীও মৃত্যু হয়। পিছত আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাক লৈ পাকিস্তানী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।