ওদালগুৰি জিলাৰ ওৰাংৰ নিকতৱৰ্তী মৈমনসিং গাঁৱৰ অমৃত হাজংৰ বাস গৃহত শোকাকুল পৰিৱেশ ৷ পদোন্নতিত যোগদান কৰিব যোৱাই কাল হ’ল সশস্ত্ৰ সীমা বল(BSF)ৰ জোৱান অমৃত হাজংৰ ৷ শেহতীয়াকৈ উত্তৰ পৰগনা জিলাৰ বেংগলত কৰ্মৰত হৈ থকা অমৃত হাজংৰ উপ পৰিদৰ্শক পদলৈ পদোন্নতি হৈছিল । সেয়ে জোৱান জনে চিমানগৰৰ মুখ্য কাৰ্য্যলয়ত যোগদানৰ বাবে নিজৰ তথ্যপাতি দিবলৈ গৈছিল । কিন্তু নিশা হোৱাত বি এছ এফৰ সেনা চাৱনিতে আশ্ৰয় লৈছিল অমৃতে ৷
পৰিয়ালৰ লোকক ফোন কৰি সেই কথা কৈছিল জোৱান গৰাকীয়ে। বি এছ এফৰ সেনা চাৱনিতে নিশাৰ আহাৰ গ্ৰহণ কৰি বিছনাত বাগৰ দিছিল অমৃতে। কিন্তু পুৱা আৰু সাৰ নাপালে জোৱান অমৃত হাজঙে । হৃৎপিণ্ড স্তব্ধ হৈ মৃত্যুক আকোৱালি ললে অমৃতে। নিজৰ সাহসীকতাৰ বাবে দুবাৰকৈ ৰাষ্ট্ৰপতিৰ পৰা পদকো লাভ কৰিছিল । মৃত বি এ ছেফ জোৱান গৰাকীক নিশা অজশ্ৰ গুণমুগ্ধৰ উপস্থিতিত সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। আনক দেখিলে মিচিকিয়াই কথা পতা জোৱানজনৰ মৃত্যুৰ বাতৰিয়ে শোকাকুল কৰিছে মৈমনসিং গাওঁখনৰ সকলোকে ৷