আজি অনুষ্ঠিত হোৱা আই পি এলৰ ১৩ সংখ্যক মেচত পঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৮ উইকেটত পৰাস্ত কৰে । লক্ষ্ণৌৱে নিজৰ ঘৰুৱা খেলপথাৰতে এক শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে । চলিত ছিজনত পঞ্জাৱৰ এয়া একেৰাহে দ্বিতীয়টো জয় । আনহাতে লক্ষ্ণৌৱে প্ৰতিযোগিতাখনৰ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে । লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত খেলা এই মেচখনত এল এছ জিয়ে প্ৰথমে বেটিং কৰি ১৭১ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৭ নং অভাৰত ৮ উইকেট বাকী থকা অৱস্থাত পঞ্জাবে মেচখনত বিজয় সাব্যস্ত কৰে ।
একনা ষ্টেডিয়ামত খেলা এই মেচখনত পঞ্জাৱ কিংছে ১৭২ ৰানৰ লক্ষ্য লাভ কৰে । পঞ্জাৱ দলৰ নতুন তাৰকা প্ৰিয়ংশ আৰ্য্য এইবাৰ ব্যৰ্থ হ’ল যদিও তেওঁৰ সংগী প্ৰভসিমৰণৰ ধুমুহাত লক্ষ্ণৌৰ বলাৰসকল বিধ্বস্ত হয় । মাত্ৰ ২৩টা বলত প্ৰভসিমৰণ সিঙে নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰি মেচখনত ৩৪টা বলত ৬৯ ৰানৰ ধুমুহাময় ইনিংছ খেলে । এই ইনিংছত তেওঁ ৯টা চাৰি আৰু ৩টা ছয় কোবাই ।
পুনৰ উজ্জ্বলিল অধিনায়ক শ্ৰেয়াছ আয়েৰ-
প্ৰভসিমৰন সিঙ আউট হোৱাৰ পিছত অধিনায়ক শ্ৰেয়াছ আয়েৰে পঞ্জাব কিংছৰ ইনিংছ দ্ৰুতগতিত আগুৱাই লৈ যায় । গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলখনত অধিনায়ক শ্ৰেয়াছে ৯৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল । আজি লক্ষ্ণৌৰ বিৰুদ্ধে তেওঁ ৩০টা বলত অপৰাজিত ৫২ ৰান সংগ্ৰহ কৰে । মাত্ৰ ২খন মেচত ১৪৯ ৰান সংগ্ৰহ কৰি দুয়োখন মেচতে বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰিছে আয়াৰে ।
পঞ্জাৱৰ বিজয়ত নেহাল বাধেৰাইও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই । ২৫টা বলত ৪৩ ৰান কৰি অপৰাজিত হৈ থাকে ৱাধেৰা । অধিনায়ক শ্ৰেয়াছৰ সৈতে তেওঁ মাত্ৰ ৩৭টা বলত ৬৭ ৰান সংযোজন কৰিছিল । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ কেৱল দিগবেশ ৰাথীয়েহে ২ উইকেট ল’বলৈ সক্ষম হয় । তেওঁৰ বাহিৰে আন সকলো বলাৰেই ব্যৰ্থ প্ৰমাণিত হয় । উল্লেখ্য যে এই জয়ৰ সৈতে পঞ্জাব কিংছ এতিয়া ৪ পইণ্টেৰে পইণ্ট তালিকাত দ্বিতীয় স্থান দখল কৰিছে ।