প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক দিল্লীৰ নিগম বোধ ঘাটত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ল ।
সেই সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদি মুৰ্মু, উপ-সভাপতি জগদীপ ধনখাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ বিৰোধী দলপতি ওম বিৰলা, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু অন্যান্য বহুলোক উপস্থিত আছিল ।
ইয়াৰ পূৰ্বে, নতুন দিল্লীত থকা তেওঁৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত, তেওঁৰ পাৰ্থিৱ শৰীৰ কংগ্ৰেছৰ কাৰ্যালয়লৈ নিয়া হৈছিল ।
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পত্নী গুৰশৰণ কৌৰ আৰু কন্যা দমন সিঙে এআইচিচিৰ মুখ্য কাৰ্যালয়ত ড০ মনমোহন সিঙক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মনমোহন সিঙৰ নশ্বৰ দেহ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা নিগম বোধ ঘাটলৈ লৈ যোৱাৰ লগে লগে লাখ লাখ সমৰ্থকে তেওঁৰ গাড়ীৰ পিছফালে দৌৰিবলৈ আৰম্ভ কৰে।
পৰিয়ালৰ এজন সদস্যৰ দৰে, ৰাহুল গান্ধীয়ে মনমোহন সিঙৰ নশ্বৰ দেহৰ সৈতে সেনাৰ বাহনত বহি আছিল। সেই সময়ত সেমেকা চকুৰে তেওঁ মনমোহন সিঙৰ শৰীৰলৈ চাই আছিল।
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ২১ টা বন্দুকৰ টোপেৰে অভিবাদন জনোৱা হৈছিল। একে সময়তে, মনমোহন সিঙৰ জয় জয় কাৰ কৰে। কংগ্ৰেছ নেতাসকলে ‘অমৰ ৰহে’ শ্লোগানেৰে মনমোহন সিঙক বিদায় জনাইছিল।
সকলো নেতাই তেওঁলোকৰ কাঠ চিতাত ৰাখি বিদায় দিছিল।অন্তিম যাত্ৰাত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক তেওঁৰ প্ৰিয় নীলা পাগুৰি পিন্ধাই দিয়া হৈছিল।অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে সকলো ৰীতি-নীতি পাঞ্জাৱী পৰম্পৰাৰে কৰা হৈছিল।